বাজেট দাখিলৰ পূৰ্ৱে নিৰ্মলা সীতাৰমনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ
ক’ৰণা মহামাৰীয়ে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ পিছতে আজি দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ৷ 2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ ইপিনে বাজেট দাখিলৰ পূৰ্ৱে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ জানিব পৰা মতে আজি দিনৰ 11 বজাত দাখিল কৰিব দেশৰ সাধাৰণ বাজেট ৷
নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি
গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি ৷ অধিবেশনৰ মুকলি সভাত ৰিপুণ বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বুলি নাভাবো বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে অখিল গগৈয়ে নিৰ্বাচন খেলাৰ সন্দৰ্ভত তাচ্চিল্য সূচক মন্তব্য মন্ত্ৰী গৰাকীৰ ৷
বিলাসীপাৰাত আৰক্ষীৰ জালত চোৰাং কাঠ সহ দুই ব্যৱসায়ী
বিলাসীপাৰাৰ দ্বিপৰকুটিত চোৰাং শাল কাঠ ভৰ্তি স্ক’ৰপিঅ ( SCORPIO) বাহন সহ আটক দুই চোৰাং কাঠ ব্যৱসায়ী ৷ দেওবাৰে নিশা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি খবৰ লাভ কৰি অভিযান চলাই AS-01X-5283 নম্বৰ স্ক’ৰপিঅ গাড়ী এখন জব্দ কৰে ৷
মৰাণৰ চাউদাং গাঁৱত মে-ডাম-মে-ফি উদযাপন
টাই-আহোম সকলৰ ধৰ্মী পৰম্পৰা অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফী ডিব্ৰুগড়ৰ মৰাণতো উদযাপন কৰা হয় ।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণঃ সংসদৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্তই নহ'ল
অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কি কংগ্ৰেছ, কি বিজেপি সকলো ৰাজনৈতিক দলেই ভোটৰ ৰাজনীতি কৰি আহিছে । ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষৰ মুখেৰে পুনৰ জনজাতিকৰণৰ বিষয়টোক লৈ ভিন্নজনে ভিন্ন কথাৰে ৰাইজক আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰিছে ।