অসম

assam

ETV Bharat / state

1 বজাৰ 10টা শীৰ্ষ সংবাদ - 11 AM TOP TEN NEWS

1 বজাৰ 10টা শীৰ্ষ সংবাদ

1 বজাৰ 10টা শীৰ্ষ সংবাদ
1 বজাৰ 10টা শীৰ্ষ সংবাদ

By

Published : Dec 24, 2020, 1:00 PM IST

10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন

আৰম্ভণিতেই উত্তাল হৈ পৰে বিটিচিৰ সদন ৷ হাতত প্লে’ কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰত প্ৰতিবাদমুখৰ হৈ পৰিল বিপিএফৰ কাৰ্যবাহীসকল ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত অধ্যক্ষই 10 মিনিটৰ বাবে স্থগিত ৰাখে সদন ৷

ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰি কি ক'লে সভাপতি ৰঞ্জিত দাসে ?

অসমৰ নতুন অঞ্চলিক দলে বৰাক উপত্যকাত এখন আসন দখল কৰিলে বিজেপৰ কার্যকর্তা সকলে পদত্যাগ কৰিব। দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে এই মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।

হাতী-মানুহৰ সংঘাতঃ ৰাজ্যত মৃত্যু 113 টা হাতীৰ

শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত 4 জন লোকক বনৰীয়া হাতীয়ে হত্যা কৰাৰ লগতে মৃত্যু হয় 3 টাকৈ হাতীৰ ৷ প্ৰয়োজনতকৈ বন কৰ্মীৰ যথেষ্ট কম হোৱাৰ বাবে হাতী-মানুহৰ সংঘাতৰ সৈতে বন বিভাগে কেনেদৰে মোকাবিলা কৰিব তাক লৈ শংকিত বন বিষয়া ৷ আনহাতে, 2009 চনৰ পৰা চলিত বৰ্ষৰ 25 ছেপ্টেম্বৰৰ ভিতৰত বিদ্যুৎস্পৃষ্ট হৈ ৰাজ্যত 113 টা হাতীৰ মৃত্যু হয় ৷

নিশা অভিজাত হোটেলত বিটিচি পাৰিষদৰ মাৰাথন বৈঠক

সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হ'ব আস্থা ভোটৰ । ইয়াক লৈয়ে এতিয়া অভিজাত হোটেলত ইখনৰ পিচত সিখন মাৰাথন বৈঠকত মিলিত হৈছে বিজেপি,ইউপিপিএল তথা নৱ নিৰ্বাচিত পাৰিষদসকল ৷

উগ্ৰপন্থী সংগঠনৰ ধন দাবীৰ পত্ৰ পাই কাম বন্ধ কৰিলে এটা নিৰ্মাণ সংস্থাই

উগ্ৰপন্থী সংগঠনৰ পৰা ধন দাবীৰ পত্ৰ পাই PMGYS আঁচনিৰ অধিনত পথ নিৰ্মাণৰ কাম মাজতেই সামৰিলে এইচপিএছআৰ জয়েণ্ট ভেঞ্চাৰ নামৰ নিৰ্মাণ সংস্থাই । ডিমা হাছাও জিলাৰ ডিডিৰোডৰ পৰা পালাইফাহাডি গাঁৱলৈকে PMGYSৰ অধীনত সংযোগী পথ আৰু দিয়ুং নদীৰ ওপৰত দুখন কৈ আৰচিচি দলং নিৰ্মাণৰ 2019 চনৰ 4 ফেব্ৰুৱাৰীত দায়িত্ব লাভ কৰিছিল সংস্থাটোৱে ৷

ডাঙৰী ন-পথাৰত আটক গাড়ীসহ দুই গৰুচোৰ

কাকপথাৰৰ সমীপৰ ডাঙৰী ন-পথাৰত অব্যাহত আছে গৰু চোৰৰ তাণ্ডৱ ৷ বুধবাৰে নিশা তিনিটাকৈ গৰু চোৰ কৰি গৈ থাকোতে স্থানীয় ৰাইজে আটক কৰে গাড়ীসহ দুই গৰু চোৰক ৷ নিশায়ে স্থানীয় ৰাইজে দুই চোৰক উত্তম মধ্যম শোধাই চমজাই দিয়ে স্থানীয় আৰক্ষীৰ হাতত ৷

বিলাসীপাৰাৰ টিলাপাৰা কামাৰডিহিত ডকাইতি কাণ্ড

বিলাসীপাৰা কামাৰডিহিৰ আব্দুছ ছোবাহান নামৰ BSF জোৱানৰ ঘৰত বুধবাৰে নিশা সংঘটিত হয় ডকাইতি কাণ্ড ৷ নগদ ধন,সোন-ৰূপৰ আ-অলঙ্কাৰ আৰু সা-সামগ্ৰী লুটি লৈ পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে আৱদ্ধ কৰে ৪টা ডকাইতক ৷ আটকাধীন ডকাইত কেইজনক গতাই দিয়ে শালকোচা আৰক্ষীক ৷

মাজুলীৰ 1981 চনতে স্থাপন হোৱা এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা

মাজুলী জিলাৰ উজনি মাজুলীৰ কথমিয়া অঞ্চলৰ বামুনপুখুৰী উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ দুৰৱস্থা ৷ এগৰাকী শিক্ষয়িত্ৰীৰ জৰিয়তে দীৰ্ঘদিনৰ পৰা শিক্ষাদান চলি আছে বামুনপুখুৰী উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয়ত ৷ বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক দাবী জনাইছে অভিভাৱক আৰু অঞ্চলটোৰ সচেতন মহলে ৷

নতুন কৃষি আইন : ৰাহুলৰ নেতৃত্বত কংগ্ৰেছ সাংসদৰ ৰাষ্ট্ৰপতি ভৱনলৈ ৰেলী প্ৰদৰ্শন

নতুন কৃষি আইনৰ বিৰোধিতাৰে ৰাহুল গান্ধীৰ নেতৃত্বত দিল্লীৰ বিজয় চকৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছ সাংসদসকলৰ ৰেলী প্ৰদৰ্শন । ৮ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষুদ্ধ কৃষক সংঘৰ ১৩ জনীয়া সদস্যৰ সৈতে আলোচনাত মিলিত হৈছিল । বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিব ।

নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি

জম্মু-কাশ্মীৰৰ বাৰমুল্লা জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ ৷ বাৰমুল্লা জিলাৰ ৱানিগাম পায়ীন ক্ৰীৰি অঞ্চলত সংঘটিত হৈছে এই গুলীয়াগুলি ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে পুৱাতেই আৰম্ভ হয় এই গুলীয়াগুলি ৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে বৰ্মানেও অব্যাহত ৰাখিছে অভিযান ৷

ABOUT THE AUTHOR

...view details