অসম

assam

ETV Bharat / state

11 বজাৰ 10টা শীৰ্ষ সংবাদ

11 বজাৰ 10টা শীৰ্ষ সংবাদ

11 বজাৰ 10টা শীৰ্ষ সংবাদ
11 বজাৰ 10টা শীৰ্ষ সংবাদ

By

Published : Dec 23, 2020, 11:05 AM IST

আৰক্ষীৰ জালত ৰহিংগীয়া শৰণাৰ্থীৰ এটা বৃহৎ দল

অসমত প্ৰৱেশ কৰিবলৈ লওতেই পুনৰ আৰক্ষীৰ জালত পৰিল ৰহিংগীয়া শৰণাৰ্থীৰ 13 জনীয়া এটা বৃহৎ দল ৷ এই দলটোত আছে 3 জন পুৰুষ,4 গৰাকী মহিলাসহ 6 টা কণ কণ শিশু ৷

আহি আছে জুবিন গাৰ্গৰ"ৰাজনীতি"

অচিৰেই আৰম্ভ হ'ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নতুন ছবি "ৰাজনীতি"ৰ কাম ৷ মঙলবাৰে নিশা উত্তৰ গুৱাহাটীৰ গৌৰিপুৰস্থিত বৰলুইত ৰেষ্টোৰাৰ সপ্তম বৰ্ষপূতিত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷

আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰিবলৈ ন-পদ্ধতিৰ উদ্ধাৱন আইআইটি গুৱাহাটীৰ গৱেষকৰ

পানীৰ অপাৰস্পৰিক উৎস আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰাৰ লক্ষ্যৰে এক নতুন পদ্ধতিৰ বিকাশ সাধন কৰে আইআইটি গুৱাহাটীৰ গৱেষকৰ এটা দলে ৷ এই পদ্ধতিয়ে দেশত খোৱাপানীৰ সমস্যা নিৰ্মূল কৰিব বুলি মন্তব্য কৰে গৱেষকৰ দলটোৱে ৷

জানুৱাৰী পৰা খুলিব প্ৰাথমিক বিদ্যালয়ঃ ধেমাজিত বিদ্য়ালয় কৰ্তৃপক্ষৰ তৎপৰতা

ক'ৰণা ভাইৰাছৰ বাবে দীঘলীয়া বন্ধৰ অন্তত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া ৷ এইবাৰ দীৰ্ঘদিন ধৰি শিক্ষাৰ পৰা বঞ্চিত হৈ থকা কণ কণ শিক্ষাৰ্থীৰ বাবে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ ঘোষণা কৰিছে শিক্ষা বিভাগে ৷

পুনৰ সংস্থাপনৰ দাবীত লাইকা-দধিয়াবাসীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

মঙলবাৰৰে পৰা বৰগুৰিত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে লাইকা-দধিয়াবাসীয়ে ৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত ৰূপায়ন এই প্ৰতিবাদী কাৰ্যসূচী ৷

বিতৰ্কত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰঃ ৰাইজে দাহ কৰিলে প্ৰতিকৃতি

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ এটা লেখাক লৈ অসন্তুষ্ট হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে তিনিচুকীয়াৰ ৰঙাগড়াবাসী ৰাইজে ৷ লগতে তেখেতক এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৰাইজে ৷

পূৱ বিলাসীপাৰাৰ কাজিপাৰা গাঁৱত চাঞ্চল্যকৰ চুৰি কাণ্ড

ধুবুৰীৰ বিলাসীপাৰাত চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ ঘৰৰ দৰ্জা-খিৰিকি ভাঙি চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ৷

দৰঙৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা: নিহত এজন

দৰঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰৈ থকা ট্ৰাকত খুন্দিয়াই থিতাতে নিহত হয় বাইক আৰোহী ৷ নিহত বাইক আৰোহীজন বেছিমাৰীৰ আছিক আহমেদ ৷

কলগাছিয়াৰ চতলাত অব্যাহত গৰাখহনীয়াঃ কাণসাৰ নাই স্থানীয় বিধায়কৰ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁৱত বিগত চাৰিমাহ ধৰি অব্যাহত আছে বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া। খহনীয়াত জাহ গৈছে অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে শ শ বিঘা কৃষিভূমি ৷ তদুপৰি মানাহ আৰু বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰি একপ্ৰকাৰ নিশ্চিহ্ন হৈ পৰিছে চতলা গাঁও ৷

অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী লুৰিণজ্যোতি গগৈৰ

অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত হয় সদ্য প্ৰাক্তন আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। আঞ্চলিক দলটোৰ নেতাগৰাকী উপস্থিত হোৱাৰ লগে লগে ফটকা আতচবাজিৰে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে নগাঁও চহৰত। আনহাতে,কৃষক নেতা অখিল গগৈক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখা বুলি মন্তব্য কৰি অতি শীঘ্ৰে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে।

ABOUT THE AUTHOR

...view details