কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত
শুকুৰবাৰে সন্ধিয়া 7 বাজি 40 মিনিটত কেৰালাৰ কাৰিপুৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাৰ সময়ত বিমানখনত ষ্টা'ফৰ সৈতে 190 গৰাকী যাত্ৰী থকা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত 18 জন যাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷
কেৰালা বিমান দুৰ্ঘটনা : প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্ন জনৰ শোক প্ৰকাশ
কেৰালাৰ কোঝিকোডেত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও বিমান দুৰ্ঘটনাত পতিত সকললৈ জনাইছে গভীৰ সমবেদনা ৷
ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্ধোধন কৰি 36 গৰাকী শিক্ষাৰ্থীৰ লগত বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ
শনিবাৰে ৰাজঘাটৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্ধোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ জাতিৰ পিতা মহাত্মা গান্ধীক সমৰ্পিত কৰি উদ্ধোধন কৰিব এই স্বচ্ছতা কেন্দ্ৰ ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশৰ 36 গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ লগত বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
কৰিমগঞ্জত তদন্তৰ নামত নিৰ্দোষী ব্যক্তিক হাৰাশাস্তি বন্ধ কৰাৰ দাবী
শিলচৰ মেডিকেল কলেজ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন থকা কিশোৰীৰ লগত প্ৰকৃততে কি হৈছিল ঘটনা সংঘটিত হোৱাৰ দহ দিনৰ পাছতো সেই ৰহস্য উদ্ঘাটন কৰাত নিলামবজাৰ আৰক্ষী ব্যৰ্থ হোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ।
আমগুৰিত মানৱ শৃংখল কাৰ্যসূচী
শিৱসাগৰ জিলাৰ আমগুৰিৰ ঐতিহাসিক চিন্তামণি গড়ত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তি আৰু খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ সামাজিক উন্নয়নৰ দাবীৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৷