ভূত-ভৱিষ্যত নাই লুৰীণ জ্যোতি গগৈৰঃ চন্দ্ৰ মোহন পাটোৱাৰী
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ সন্দৰ্ভত মন্তব্য আগবঢ়়াই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, যি দলৰ সভাপতিৰেই ভূত-ভৱিষ্যত নাই, সেই দলে কি ৰাজনীতি কৰিব ৷ লুৰীণক প্ৰত্যাহ্বান মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, নামনি অসমৰ কথাই নকও, উজনি অসমৰে দুলিয়াজান,নাহৰকটীয়া, মৰাণ এই তিনিটা সমষ্টিৰ যি কোনো এটা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ জয় লাভ কৰি দেখুওৱাক। তেতিয়াহে মানিম লুৰীণ জ্যোতিৰ জনপ্ৰিয়তা আছে ৷
প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ
অন্ত পৰিল অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা ৷ উক্ত সভাতে 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকসকলক আহ্বান জনাই আটছাৰ কেন্দ্ৰীয় নেতৃবৰ্গই ৷ এই সভা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল ৷
ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অৰ্থনৈতিক বিপ্লৱৰ তৃতীয়টো প্ৰকল্প শুকুৰবাৰে দুলীয়াজানস্থীত ভাদৈ পাঁচআলিৰ ২নং বৰপথাৰত মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ প্ৰকল্পটো মুকলি কৰি বৰুৱাই কয় যে- "ছাত্ৰ সন্থাই জাতিৰ বাবে আন্দোলনো কৰে আৰু অৰ্থনৈতিক বিপ্লৱৰো সূচনা কৰিছে ৷ তাৰেই উদাহৰণ হিচাপে আজি আমাৰ তৃতীয়টো প্ৰকল্প মুকলি কৰিছো ৷
প্ৰধানমন্ত্ৰী মোডী মিথ্যা সম্ৰাট: প্ৰদ্যুত বৰদলৈ
শিলচৰত অনুষ্ঠিত সাংবাদিক সন্মিলনত শুকুৰবাৰে উপস্থিত থাকে কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈ ৷ বৰদলৈৰ লগতে উক্ত সন্মিলনত উপস্থিত থাকে সুস্মিতা দেৱ আৰু দলীয় কৰ্মকৰ্তাসকল ৷ সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক মিথ্যা সম্ৰাট আখ্য়া প্ৰদান কৰে ৷
বিলাসীপাৰাত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা
অসম গণ পৰিষদ দলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি ৷ দলটোৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে এই সম্পৰ্কে শুকুৰবাৰে বিলাসীপাৰাত এক মত বিনিময় সভাত মিলিত হয় ৷