ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ কেইবাজনো বিষয়াক নিলম্বন
বিয়লি ২-৩০ বজাৰ পৰা তদন্ত কৰিব ভুৱা বিলৰ অভিযোগৰ তদন্ত,চহী,হাতৰ আখৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা,বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ আদিকে ধৰি উত্থাপিত অভিযোগৰ তদন্ত কৰি ৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি দলটোৱে উল্লেখ কৰে।
ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ
ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীৰে মিজোৰামৰ বৃহৎ ছাত্ৰ সংগঠন মিজো জিৰলাই পাৱলৰ প্ৰতিবাদ ৷ বুধবাৰে বৃহৎ ছাত্ৰ সংগঠনটোৱে সামৰিক বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
কমল কুমাৰ মেধিৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত গোচৰ
ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়া ৰাইজৰ দলৰ উপ-সভাপতি কমল কুমাৰ মেধিৰ বিৰুদ্ধে বুধবাৰে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জামুগুৰিহাটৰ ৬ খনকৈ আঞ্চলিকৰ সমন্বয়ৰক্ষী সমাজ আৰু জামুগুৰি আঞ্চলিক ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমাজে ৷
অসমৰ বিদ্যালয়ত পুনৰ মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ
মঙলবাৰে নিশা পুনৰ অসম-মিজোৰাম সীমান্তত অচিনাক্ত মিজো দুৰ্বৃত্তই বোমা বিস্ফোৰণ ঘটাই। নিশা প্ৰায় দুটা বজাত পুনৰ মিজো দুৰ্বৃত্তই অসমৰ এখন চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰে। অসম-মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলৰ মুল্লিবালা নিম্ন প্ৰথমিক বিদ্যালয়ত শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্মাণ হোৱা শৌচালয় আৰু পানীৰ টেংকিত বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰাৰ পিছতে সমগ্ৰ হাইলাকান্দি জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
উন্নয়ন আৰু অস্তিত্বই হ'ব বিজেপিৰ নিৰ্বাচনী ইছ্যু: হিমন্ত বিশ্ব শৰ্মা
বিশাল চাইকেল ৰেলীৰ পাচত নগাঁৱত কেবাটাও আঁচনিৰ উদ্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ উদ্বোধনী অনুষ্ঠানৰ শেষত বাঙালী সন্মিলনীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় আগন্তুক বিধানসভা নিৰ্বাচনত উন্নয়ন আৰু অস্তিত্বই হ'ব বিজেপিৰ নিৰ্বাচনী ইছ্যু।