বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ
কিছু দিন পূৰ্ৱে বদৰুদ্দিন আজমলে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙিব,বোৰ্খা পিন্ধি বাহিৰলৈ ওলাব নোৱাৰিব,দাড়ি টুপী পিন্ধি মুছলমান সম্প্ৰদায়ৰ লোক বাহিৰলৈ ওলাব নোৱাৰিব বুলি কৰা মন্তব্যৰ পাছতে বদৰুদ্দিনক উভতি ধৰিছে আমিনুল হক লস্কৰে ৷
বাক্সাত উপস্থিত মেগচেছে বঁটা প্ৰাপক সোনম ৱাংচুকৰ মত-বিনিময়
সোনম ৱাংচুক দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বিটিআৰত উপস্থিত হৈছে ৷ শুকুৰবাৰে সন্ধিয়া বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী খাৰুৱাজানত এখনি শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। বিটিআৰৰ চাৰিখন জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান সকলৰ সৈতে শিক্ষা বিভাগৰ উন্নতিৰ হকে মেগচেছে বঁটাপ্ৰাপক সোনম ৱাংচুকে এক মত-বিনিময় অনুষ্ঠানত ভাগ লয় ৷
পুলৱামাত দুজন সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ
পুলৱামাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ পাচতেই দুজন সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে । সংঘৰ্ষত আহত হোৱা এজন সন্ত্ৰাসবাদীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।
আমগুৰিৰ প্ৰতিটো ঘৰতে মেলিছে বৃহৎ ফাঁট!
আমগুৰিত অএনজিচিয়ে তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ বাবে বিস্ফোৰণ ঘটোৱাৰ ফলত অৰ্দ্ধ-শতাধিক পকী গৃহত মেলিছে ফাট ৷ অএনজিচিৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী টাই আহোম যুৱ পৰিষদৰ ৷
খোৱাঙত চৰকাৰে মুকলি কৰিব ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ
ৰাজ্য চৰকাৰৰ জাননী মৰ্মে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত মুকলি কৰিবলগীয়া ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰৰ কাৰ্যপ্ৰণালী তথা সুচাৰুৰূপে পৰিচালনা সম্পৰ্কে আলোচনাৰ বাবে শুকুৰবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।