অসমত বসবাস কৰা বড়ো,আদিবাসী,নেপালী সকলোৱে খিলঞ্জীয়া : মন্ত্রী ৰঞ্জিত দত্ত
আধাৰশিলা স্থাপনৰ উদ্দেশ্যে বিশ্বনাথত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দত্ত ৷ কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপনৰ পাচতে ৰাজহুৱা সভাত অংশ গ্রহণ কৰি কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক তীব্র সমালোচনা কৰে ৷
উত্তৰ প্ৰদেশৰ 6 লাখ হিতাধিকাৰীলৈ PMAY-G আঁচনিৰ আৰ্থিক সাহাৰ্য প্ৰধানমন্ত্ৰীৰ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ 6.1 লাখ হিতাধিকাৰী,উপকৃত হোৱকৈ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত (গ্ৰামীণ) 2,691 কোটি টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰিব ৷
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ আবাসিক অঞ্চললৈ
যোৰহাট জিলাত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম পূৰ্ণ গতিত চলাই থকাৰ মাজতে মুদৈজান নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ বাবে জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত নদীৰ গতিপথ সলনি কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷
কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন
কলিয়াবৰ প্ৰেছ ক্লাৱ কাৰ্য্যালয়ৰ সমীপতেই দুপৰ নিশা এখন কয়লাভৰ্তি ট্ৰাকে কেইবাখনো গাড়ী খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ-খাৱৈত বাগৰি পৰে । ইপিনে ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে আনকেইখন গাড়ীৰ যাত্ৰীৰ।
ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা
ৰাষ্ট্ৰীয় কৃষি গ্ৰাম্য উন্নয়ন বেংকৰ 'ই-শক্তি' প্ৰকল্পৰ আঁচনিক সফলভাৱে ৰূপায়ণ কৰি ৰাজ্যৰ পাঁচখন জিলাৰ ভিতৰত ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে লাভ কৰিলে নাবাৰ্ডৰ 'গুড-পাৰ্ফমেঞ্চ' বঁটা ৷ ১৯২০ চনতে স্থাপন হোৱা সমবায় সমিতি খনে কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে ৷