গুৱাহাটী,10 ছেপ্তেম্বৰঃ স্বনামধন্য কবি নীলমণি ফুকনৰ আজি ওপজা দিন ৷ 87 বছৰত ভৰি দিলে বিশিষ্ট কবিগৰাকীয়ে । সহজ,সৰল ব্যক্তিত্বৰ অধিকাৰী যশস্বী কবিগৰাকীক জন্মদিনৰ ওলগ জনাইছে তেওঁৰ গুণমুগ্ধই । তেওঁৰ কবিতাত প্ৰকৃতি,প্ৰেমৰ মিঠা মিঠা অনুভৱ পৰিস্ফুট কৰে কবিগৰাকীয়ে। তেখেতৰ কবিতাৰ মাজত ভাৱ,ৰস,শব্দৰ আছে এক অনন্য মাত্ৰা । যাৰ বাবে প্ৰতিগৰাকী কবিতা ভালপোৱা লোকৰে হৃদয়ৰ মাজত থাকে কবি নীলমণি ফুকন। সমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাই এই গৰাকী নমস্য কবিয়ে লিখিছিল গোলাপী জামুৰ লগ্ন,নিৰ্জনতাৰ শব্দ আদি অনেক কবিতা।
আজি বিশিষ্ট কবি নীলমণি ফুকনৰ 87 সংখ্যক ওপজা দিন - শিল্পকলা দৰ্শন,
তেঁওৰ কবিতাত প্ৰকৃতি,প্ৰেমৰ মিঠা মিঠা অনুভৱ পৰিস্ফুট হৈ থাকে ৷ শিল্পকলা দৰ্শন,ৰূপ বৰ্ণ বাক,শিল্পকলা উপলদ্ধি আৰু আনন্দ,লোক কল্পদৃষ্টি তেওঁৰ গ্ৰন্থ ৷
আজি বিশিষ্ট কবি নীলমণি ফুকনৰ 87 সংখ্যক ওপজা দিন
উল্লেখযোগ্য যে,কবিগৰাকীৰ এইবাৰৰ ওপজা দিনটোত তেওঁৰ ঘৰখনত নাই মানুহৰ ভিৰ। মানুহৰ সান্নিধ্য ভাল পোৱা কবিতাগৰাকীও আঁতৰত আছে কৰ'ণা মহামাৰীৰ বাবে গুণমুগ্ধৰ পৰা। ক'ভিড-19 এই জটিল সময়ৰ বাবে কোনো লোকে তেখেতক সাক্ষাৎ কৰিবলৈ যোৱা নাই। তথাপি সকলোৱে হৃদয়ৰ পৰা ওপজা দিনৰ ওলগ জনাইছে জনপ্ৰিয় বিশিষ্ট কবি নীলমণি ফুকনক। ইটিভি ভাৰতৰ তৰফৰ পৰাও যশস্বী কবিগৰাকীলৈ জন্মদিনৰ শুভেচ্ছাৰ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
লগতে পঢ়কঃ পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ দল বিজেপি: মন্ত্ৰী ভৱেশ কলিতা