অসম

assam

Covid Vaccination দিয়াৰ ১০০ দিন সম্পূৰ্ণ লায়ন্স ক্লাব গুৱাহাটীৰ

By

Published : Nov 11, 2021, 9:33 PM IST

ৰাজ্যত ক’ভিড টিকাকৰণ কাৰ্যসূচী তৰাম্বিত কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে তৎপৰতা গ্ৰহণ কৰিছে । ইতিমধ্যে ২৭ নৱেম্বৰৰ ভিতৰত ১০০ শতাংশ প্ৰতিষেধক দিয়াৰ লক্ষ্য লৈ স্বাস্থ্য বিভাগে ৰাজ্যৰ প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰ এলেকাত ঘৰে ঘৰে প্ৰদাৰ্পন শীৰ্ষক কাৰ্যসূচীও গ্ৰহণ কৰিছে । ইফালে ক’ভিড নিয়ন্ত্ৰণৰ বাবে চৰকাৰে চলোৱা এই অভিযানত চামিল হৈ ৩৭ হাজাৰ লোকক প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক দিয়াৰ ১০০ দিন সম্পন্ন কৰে অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান লায়ন্স ক্লাব অব গুৱাহাটী ।

100days has completed by the  lions club of covid vaccination camp
Covid Vaccination দিয়াৰ ১০০ দিন সম্পূৰ্ণ লায়ন্স ক্লাব গুৱাহাটীৰ

গুৱাহাটী, ১১ নৱেম্বৰ :ক’ভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে চলোৱা অভিযানত সহযোগিতা আগবঢ়াই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে স্বেচ্ছাসেৱী সংগঠন লায়ন্স ক্লাৱ অফ গুৱাহাটীয়ে । ইতিমধ্যে লায়ন্স ক্লাব অৱ গুৱাহাটীয়ে গুৱাহাটীৰ ভিন্ন প্ৰান্তত টিকাকৰণ কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে বৰ্তমানলৈকে মুঠ ৩৭,০০০ হাজাৰ লোকক প্ৰথম আৰু দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে ।

বৃহস্পতিবাৰে মহানগৰীৰ নাৰেংগীস্থিত পোদ্দাৰ কম্প্লেক্সত লায়ন্স ক্লাৱৰ বিনমূলীয়া ভেকচিন শিবিৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে অয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰাৰ লগতে কেক কাটি সফলতা উদযাপন কৰে লায়ন্স ক্লাব অব গুৱাহাটীয়ে । উক্ত কাৰ্যসূচীত লায়ন্স ক্লাৱ গুৱাহাটীৰ সভাপতি কিশোৰ চাবু, সচিব অজয় পোদ্দাৰ, ডি পি এবাজাজ, সুনীল আগৰৱালা আদিকে ধৰি ক্লাৱৰ বিষয়ববীয়া তথা কৰ্মীসকল উপস্থিত থাকে ।

Covid Vaccination দিয়াৰ ১০০ দিন সম্পূৰ্ণ লায়ন্স ক্লাব গুৱাহাটীৰ

লগতে পঢ়ক :উদং দিছপুৰ : মুম্বাইলৈ মুখ্যমন্ত্রীকে ধৰি মন্ত্রী আৰু শাসকীয় দলৰ বিধায়ক

ইফালে ভেকচিন প্ৰদানৰ ১০০ দিন উপলক্ষে অয়োজন কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভেকচিন প্ৰদান কাৰ্যসূচীৰ লগত জড়িত নাৰ্ছ, স্বাস্থ্যকৰ্মী তথা স্বেচ্ছাসেৱক সকলক ক’ভিড যোদ্ধা হিচাপে বিশেষভাৱে সন্মানিত কৰা হয় ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১৩ জুলাইৰ পৰা নাৰেংগী, পানীখাইটি, গুৱাহাটী ক্লাব, হাতীশিলা, তিনিটুকুৰা আদি অঞ্চলত ভেকচিন শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰিও ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল লায়ন্স ক্লাব গুৱাহাটীয়ে ।

লগতে পঢ়ক :চিৰাঙৰ বৈখুনগাঁৱত সমূহীয়া মাছ ধৰা পৰ্ব

ABOUT THE AUTHOR

...view details