অসম

assam

ETV Bharat / state

অসম জাতীয় বিদ্যালয়: এশ শতাংশ উত্তীর্ণ, এজনে দখল কৰিলে স্থান - অসম জাতীয় বিদ্যালয়ৰ ১২৫ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত

অসম জাতীয় বিদ্যালয়ৰ ১২৫ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত, ৭ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু এগৰাকী শিক্ষার্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । বিদ্যালয়খনৰ মুঠ ৪৮ গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে । ইয়াৰে ১৯ গৰাকীয়ে সাধাৰণ গণিত (১০০), ১২ গৰাকীয়ে উচ্চ গণিত (১০০), ৯ গৰাকীয়ে ইংৰাজী (১০০) আৰু ৮ গৰাকীয়ে সাধাৰণ বিজ্ঞান (১০০) বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে ।

অসম জাতীয় বিদ্যালয়ঃ এশ শতাংশ উত্তীর্ণ, এজনে দখল কৰিলে স্থান
অসম জাতীয় বিদ্যালয়ঃ এশ শতাংশ উত্তীর্ণ, এজনে দখল কৰিলে স্থান

By

Published : Jun 7, 2022, 7:42 PM IST

গুৱাহাটী, ৭ জুনঃমঙলবাৰে ঘোষণা কৰা ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসম জাতীয় বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষার্থী উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ সাফল্যৰ ধাৰা অক্ষুণ্ণ ৰাখে । বিদ্যালয়খনৰ সৌৰভ বৰ্মনে ৯৮ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰতে দশম স্থান অধিকাৰ কৰে । ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ এইবাৰৰ ১৩৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫৭ গৰাকীয়ে ডিষ্টিংচন আৰু ৩৪ গৰাকীয়ে ষ্টাৰ লাভ কৰে ।

১২৫ গৰাকীয়ে প্ৰথম বিভাগ, ৭ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু এগৰাকী শিক্ষার্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । বিদ্যালয়খনৰ মুঠ ৪৮ গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে । ইয়াৰে ১৯ গৰাকীয়ে সাধাৰণ গণিত (১০০), ১২ গৰাকীয়ে উচ্চ গণিত (১০০), ৯ গৰাকীয়ে ইংৰাজী (১০০) আৰু ৮ গৰাকীয়ে সাধাৰণ বিজ্ঞান (১০০) বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে ।

অসম জাতীয় বিদ্যালয়ঃ এশ শতাংশ উত্তীর্ণ, এজনে দখল কৰিলে স্থান

আনহাতে অসমীয়া বিষয়ত ৬৪ গৰাকীয়ে, ইংৰাজী বিষয়ত ৮৭ গৰাকীয়ে, সাধাৰণ বিজ্ঞানত ৬৪ গৰাকীয়ে, সমাজ বিজ্ঞানত ৭৫ গৰাকীয়ে আৰু সাধাৰণ গণিতত ৭০ গৰাকী পৰীক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে । ঐচ্ছিক বিষয়বোৰৰ ভিতৰত উচ্চ গণিতত ২৯ গৰাকীৰ ভিতৰত ২৮ গৰাকীয়ে, কম্পিউটাৰ বিজ্ঞানত ৪৩ গৰাকীৰ ভিতৰত ৩০ গৰাকীয়ে, ভূগোল বিষয়ত ১৫ গৰাকীৰ ভিতৰত ১৪ গৰাকীয়ে, কণ্ঠ সংগীতত ২ গৰাকীৰ ভিতৰত দুয়োগৰাকীয়ে, নৃত্য বিষয়ত ৯ গৰাকীৰ ভিতৰত ৯ গৰাকীয়ে, সুকুমাৰ কলা বিষয়ত ১০ গৰাকীৰ ভিতৰত ১০ গৰাকীয়ে, হিন্দী বিষয়ত ২০ গৰাকীৰ ভিতৰত ১৭ গৰাকীয়ে আৰু ইতিহাস বিষয়ত ৫ গৰাকীৰ ভিতৰত 3 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে ।

বিভিন্ন বিষয়ত মুঠ লেটাৰৰ সংখ্যা ৪৭৩ । উল্লেখযোগ্য যে শিক্ষাৰ্থী ৰাছেল মালিকে সাধাৰণ গণিত, উচ্চ গণিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজী বিষয়ত সৰ্বোচ্চ ১০০ নম্বৰকৈ লাভ কৰে । আনহাতে সৌৰভ বৰ্মন, বিতম কুমাৰ বৈশ্য, অভিশ্ৰুতি শৰ্মা, পৰিস্মিতা কলিতা আৰু মাধুৰ্য জয়ন্ত কলিতাই তিনিটাকৈ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰে । লক্ষ্যণীয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২০০০ চনত অৱতীর্ণ হোৱা প্ৰথমটো বৰ্ষতেই এগৰাকী শিক্ষার্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ পৰা বৰ্তমানলৈকে মুঠতে ৪৩ গৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত ৰাজ্যিক ভিত্তিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:নচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰসহ লাভ কৰিলে প্ৰথম বিভাগ

ABOUT THE AUTHOR

...view details