গুৱাহাটী, 13 নৱেম্বৰঃ গুৱাহাটীত ৰেল আৰক্ষীৰ তালাচী অভিযানত 10 কিলোগ্ৰাম গাঞ্জা সহ আটক দুই সৰবৰাহকাৰী ৷
গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা জব্দ 10 কিলোগ্ৰাম গাঞ্জা
গাঞ্জা সৰবৰাহকাৰী দুজন ক্ৰমে- সঞ্জয় মণ্ডল (42 ) আৰু নাৰেশ মণ্ডল ( 26) ৷ দুয়োগৰাকী বিহাৰৰ ভাগলপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
নামনিমুৱা আগৰতলা আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে প্রায় 10 কিলোগ্ৰাম গাঞ্জা সহ দুজন ব্যক্তিক আটক কৰে। গাঞ্জা সৰবৰাহকাৰী দুজন ক্ৰমে- সঞ্জয় মণ্ডল (42 ) আৰু নাৰেশ মণ্ডল ( 26) ৷ দুয়োগৰাকী বিহাৰৰ ভাগলপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্রায় 40 হাজাৰ টকা হ'ব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে ৰেল আৰক্ষীয়ে এই সম্পৰ্কে এক গোচৰ ৰুজু কৰি দুই সৰবৰাহকাৰীক সোধ-পোছ অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ৰাজ্যত বিগত দিন সমূহত ৰাজ্যত অবৈধ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত থকাৰে লগতে বহু সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷