অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TOP TEN NEWS

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 3, 2021, 12:52 PM IST

মুখ্যমন্ত্ৰীৰ সভাত বিৰিয়ানী খাই বিষক্ৰিয়া ডিফুৰ শতাধিক লোকৰ

মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠদানৰ শুভাৰম্ভণি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ অহা শতাধিক লোক খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে ৷ ইয়াকে লৈ এতিয়া সমগ্ৰ কাৰ্বি আংলঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

নামত আদৰ্শ চিকিৎসালয়ঃ চিকিৎসা নাপায় ৰাইজে

2012 চনতে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা ধুবুৰীৰ ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ৰ পৰা চিকিৎসা লাভ নকৰিলে অঞ্চলটোৰ লোক সকলে ৷ 6 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়খন পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব কমল কুমাৰ মেধিয়ে

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব কমল কুমাৰ মেধিয়ে। জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ হিমন্তক ৰাজনীতিৰ পৰা বিদায় দিয়াৰ পণ লৈছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে।

ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ বিশেষ সন্মান

সুচাৰুৰূপে কৰ্তব্য পালন হোৱা বাবে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে এক বিশেষ সন্মান । তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অধীনত কাম কৰাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ বাবে ৰাজ্যৰ তিনিটা কাৰ্যালয়ক পুৰষ্কৃত কৰিব ৰাজ্য চৰকাৰে । এই তালিকাৰ শীৰ্ষস্থানত আছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ নাম ।

কলিয়াবৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত বনকৰ্মী

মঙলবাৰে নিশা কলিয়াবৰৰ দেওচোৰত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় সোণধন পাটগিৰি (৪৫) নামৰ এগৰাকী বনকৰ্মী ৷ নিহত বনকৰ্মী সোণধন পাটগিৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত কৰ্মৰত আছিল ৷

আমগুৰিৰ জাঁজী জৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

আমগুৰি জাঁজী জৰাবাৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড ৷ নিশা প্ৰায় 2:30 বজাত এটা তেলৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড ৷ যতীন বৰুৱা নামৰ লোক এজনৰ ঘৰত মাটিত তেল পুতি ৰখা অৱস্থাতে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো ৷ জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে অঞ্চলতো ৷ যাৰ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ লগতে আতংকিত হৈ পৰে অঞ্চলবাসী ৷

কৃষক বিদ্ৰোহঃ আজি 'মহাপঞ্চায়ত'ত উপস্থিত ৰাকেশ টিকাইট

বুধবাৰে হাৰিয়াণাৰ জিন্দে জিলাত অনুষ্ঠিত হ'বলগীয়া এক 'মহাপঞ্চায়ত'ত ৰাকেশ টিকাইটৰ লগতে কেবাগৰাকী নেতাই অংশগ্ৰহণ কৰিব । কৃষক আন্দোলনক সমৰ্থন জনোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আন্দোলনত বৃহৎ গণ সমাৱেশ ঘটিব বুলি কয় সৰ্ব জাতীয় কান্দেলা খাপৰ মুখ্য টেকৰাম কাণ্ডেলাই ।

৬ ফেব্ৰুৱাৰীৰ পৰা পশ্চিমবংগত 'পৰিৱৰ্তন যাত্ৰা' বিজেপিৰ

৬ ফেব্ৰুৱাৰীৰ পৰা পশ্চিমবংগত পাঁচটা 'পৰিৱৰ্তন যাত্ৰা'ৰ আৰম্ভণি কৰিব বিজেপিয়ে । প্ৰথমটো যাত্ৰা কেন্দ্ৰীয় বিজেপি সভাপতি জে পি নাড্ডাই উদ্বোধনী কৰিব । শেষৰটো তথা অন্তিমটো যাত্ৰাৰ সামৰণি পেলাব মোডীয়ে । এই কথা জনায় পশ্চিমবংগৰ ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষে ।

শ্ৰীলংকাৰ 73 তম স্বাধীনতা দিৱসঃ শুভেচ্ছা প্ৰেৰণ নৰেন্দ্ৰ মোডীৰ

কলম্বোতস্থীত ভাৰতীয় উচ্চ আয়োগে মুকলি কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে,প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰীলংকাৰ লগত থকা ভাৰতৰ ধৰ্মীয়, সাংস্কৃতিক,পৰম্পৰাৰ হাজাৰ হাজাৰ বছৰ সৰ্ম্পকৰ কথা উল্লেখ কৰিছে নিজৰ শুভেচ্ছামূলক বাৰ্তাৰ জৰিয়তে ৷

শীঘ্ৰে পুনৰ পাঠদান আৰম্ভ হ'ব দিল্লীৰ ব্যক্তিগতখণ্ড শিক্ষানুষ্ঠানতঃঅৰবিন্দ কেজৰিৱাল

অতি শীঘ্ৰে দেশৰ ৰাজধানী দিল্লীত পাঠদানৰ বাবে সম্পূৰ্ণ ৰূপত পুনঃ মুকলি কৰি দিয়া হ'ব শিক্ষানুষ্ঠানসমূহ ৷ মঙলবাৰে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত হোৱা মতবিনিময় অনুষ্ঠানৰ পিছতে এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

ABOUT THE AUTHOR

...view details