এইমছত চিকিৎসাধীন লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য় পূৰ্বতকৈ কিছু উন্নত হোৱাৰ লগে লগে বৃহস্পতিবাৰে কাৰ্ডিয়াক ইনটেনছিভ কেয়াৰ ইউনিট (চিআইচিইউ)ৰ পৰা এটা ব্যক্তিগত ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে । এইমছৰ হৃদৰোগ বিশেষজ্ঞ ড০ ৰাকেশ যাদৱৰ তত্বাৱধানত চিকিৎসালয়ৰ চিআইচিইউত ৰখা হৈছিল নেতাগৰাকীক ।
বাজেট অধিৱেশন দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি: নৰেন্দ্ৰ মোডী
শুকুৰবাৰে বাজেট অধিৱেশনৰ প্ৰাকমুৰ্হূতত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদৰি কৰে যে, বাজেট অধিৱেশন হৈছে দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি ৷ লগতে মোডীয়ে কয় যে, দেশৰ স্বাধীনতা সংগ্ৰামী সকলে দেখা সপোন বাস্তবায়িত কৰিবলৈ দেশৰ আগত এক সোণালী সুযোগ আছে ৷ এই দশকটোৰ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বাজেট অধিৱেশন অতি গুৰুত্বপূৰ্ণ ৷
বিতৰ্কিত কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মন্তব্য
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে বাজেট অধিবেশনৰ আদৰণি ভাষণত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইন সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে ৷ কৃষি আইন তিনিখনে দেশৰ কৃষকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ লগতে কৃষকৰ মাজৰ মধ্যভোগীৰ অৱসান ঘটাব বুলি উল্লেখ কৰে ৷ আনকি,এই আইন তিনিখনে দেশৰ কৃষকৰ উৎপাদন ক্ষমতাও বৃদ্ধি কৰিব বুলি উল্লেখ কৰে ৷
ক'ভিড মহামাৰীৰ সময়ত চৰকাৰ ভূমিকা উল্লেখনীয়: ৰাষ্ট্ৰপতি
বাজেট অধিবেশনৰ ভাষণত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ক'ভিড-19 সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ৷ ক'ভিড মহামাৰীৰ সময়ত চৰকাৰে দেশবাসীৰ মংগলৰ বাবে বহুতো নতুন আঁচনি ঘোষণা কৰিছে যাক লৈ ৰাষ্ট্ৰপতি গৰাকী সুখী বুলিও ব্যক্ত কৰিলে ৷ ইফালে,অতি কম সময়ৰ ভিতৰতে ভাৰতে দুটাকৈ ক'ভিড ভেকচিন মুকলি কৰি দেশৰ লগতে বিশ্ববাসীৰ যি মংগল কামনা কৰিলে সেই সন্দৰ্ভতো মন্তব্য প্ৰদান ৰাষ্ট্ৰপতি গৰাকীৰ ৷
ভাৰতত নতুন কৈ 18,855 গৰাকী ক’ভিড-19 ত আক্ৰান্ত
শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰে যে, ভাৰতত 18,855 গৰাকী নতুন কৈ ক’ৰণাত আক্ৰান্তৰ সৈতে মুঠ আক্ৰান্তৰ সংখ্যা হ’ল গৈ 1,07,20,048 গৰাকী ৷ ইপিনে আৰোগ্য লাভ কৰাৰ সংখ্যা 1,03,94,352 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ক’ৰণা মহামাৰীৰ পৰা উপশম পোৱা দেশখনৰ শতকৰা হাৰ 96.96 লৈ বৃদ্ধি পাইছে ৷