1.তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনাবলৈ বুধবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় ৰাহুল গান্ধী ৷ বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে তৰুণ গগৈৰ দিছপুৰ স্থিত চৰকাৰী বাসগৃহলৈ যায় কংগ্ৰেছ নেতা গৰাকী ৷ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায় ৰাহুল গান্ধী উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷
2.আন্তৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মুকলি হ'ব ৰাছিয়াৰ ক'ৰণা প্ৰতিষেধক
শীঘ্ৰেই আন্তঃৰাষ্ট্ৰীয় বজাৰত মুকলি হ'ব ৰাছিয়াৰ দ্বাৰা উৎপাদিত ক'ৰণা প্ৰতিষেধক ৷ পশ্চিমৰ অন্যান্য কোম্পানীৰ দ্বাৰা উৎপাদিত প্ৰতিষেধকতকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত এই প্ৰতিষেধকৰ দাম যথেষ্ঠ কম হ'ব বুলি দাবী ৰাছিয়াৰ ৷
3.ধেমাজিত কৃষকৰ ক্ষোভঃ গ্ৰাম সেৱক নাযায় খেতি পথাৰলৈ
পথাৰত ভৰি দি নোপোৱা ধেমাজি কৃষি বিভাগৰ গ্ৰামসেৱকৰ বিৰুদ্ধে ক্ষোভ বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ ৷ চাকৰিৰ নামত ঘৰকে বহি দৰমহা খাইছে কৃষকৰ সহায়ৰ বাবে নিয়োগ কৰা গ্ৰাম সেৱকে ৷ কৃষক সকলৰ সহায়ৰ বাবে নিয়োগ কৰা জিলাখনৰ গৰিষ্ঠসংখ্যক গ্ৰাম সেৱকেই নাযায় ৰাইজৰ কাষলৈ ৷
4.হাতী খেদিবলৈ যোৱা বনকৰ্মীক আক্ৰমণ ৰাইজৰ
ত্ৰিপুৰাৰ উত্তৰ মহাৰাণী পুৰৰ লক্ষ্মীচৰণ গাঁৱত হাতী খেদিবলৈ যোৱা বনকৰ্মীৰ ওপৰত আক্ৰমণ চলায় একাংশ উত্তেজিত ৰাইজে ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় বিশ্বজিৎ দেৱবর্মা নামৰ এগৰাকী বনকর্মী |
5.ঘেহু বিস্ফোৰণৰ পুনৰুত্থানক লৈ প্ৰশাসন আৰু কৃষি বিশেষজ্ঞৰ মাজত শংকা
2017 চনত কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগৰ মুৰ্শ্বিদাবাদ আৰু নাডিয়া জিলাত মাৰাত্মক ঘেহু বিস্ফোৰণজনিত ৰোগ নিৰাময়ৰ বাবে ঘেহু উৎপাদনৰ নিষিদ্ধ ঘোষণা কৰিছিল যদিও চলিত বৰ্ষত এই নিষিদ্ধৰ সময়সীমা উকলি গৈছে ৷ কিন্তু কৃষি বিভাগৰ লগতে কৃষি বিশেষজ্ঞসকলে পুনৰ ঘেহু উৎপাদনৰ বিৰোধিতা কৰিছে ৷