অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ

11 বজাৰ শীৰ্ষ দহটা খবৰ

1 pm top ten news
11 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Nov 6, 2020, 12:56 PM IST

লক্ষীপুৰৰ গোৱল গাঁৱত বনৰীয়া হাতীৰ মৃত্যু

গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গোৱল গাঁৱত শুকুৰবাৰে পুৱতি নিশা এটি বনৰীয়া হাতীৰ মৃত্যু হয় ৷ লক্ষীপুৰ থানাৰ অন্তৰ্গত শিগৰী, বৰদল, পুখুৰীপাৰা,বাতাপাৰা,গোৱল আদি পাহাৰীয়া অঞ্চলত মেঘালয়ৰ পৰা অহা 20-22 জনীয়া হাতীৰ জাক এটাই সঘনাই উপদ্ৰৱ চলাই আছিল ৷

ৰঙিয়াত কাগজৰ তাজমহল,ঢকুৱাৰ জাহাজ...

পেলনীয়া বহু সামগ্ৰীক ন-ৰূপ প্ৰদান কৰি চৰ্চাত ৰঙিয়াৰ বনগাঁৱৰ চাহীল হুছেইন নামৰ এজন ছাত্ৰ ৷ পলিটেকনিকৰ দ্বিতীয় ষাণ্মাষিকৰ ছাত্র চাহীলে ডাঠ কাগজেৰে সাজিছে তাজমহল,তামোলৰ ঢকুৱাৰে সাজিছে জাহাজ ৷

লাভ জেহাদৰ বিৰুদ্ধে বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ

লাভ জেহাদৰ ঘটনা বন্ধ কৰাৰ দাবীৰে ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদ ৷ কৰিমগঞ্জ জিলাৰ বলিয়াত লাভ জেহাদৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদ প্ৰতিবাদ ৷ উত্তৰ কৰিমগঞ্জৰ লাঠিৰঘাটৰ পৰা ব্ৰাহ্মনশাসনলৈ মমবাতি জ্বলাই সমদল প্ৰতিবাদকাৰীৰ ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি গণ আন্দোলনৰ হুংকাৰ দিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যক লৈ চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লামডিঙত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

হোজাই জিলাৰ আবকাৰী বিভাগৰ উপাধ্যক্ষ কুঞ্জহৰি শৰ্মাৰ তৎপৰতাত লামডিঙৰ বিভিন্ন এলেকাত চলে সুৰা বিৰোধী অভিযান ৷ লামডিং বিভিন্ন স্থানৰ ক্রছিং গেট,নদীৰ পাৰৰ পৰা দুই শতাধিক অবৈধ দেশী বিদেশী সুৰা জব্দ কৰে ৷

হাতৰ মুঠিতে উপলব্ধ হ'ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা

নামঘৰৰ মজিয়াৰ পৰা এণ্ড্ৰইডৰ এপ্লিকেচনলৈ অসমীয়া সংস্কৃতিৰ বাহক ভাওনাৰ স্বৰ্ণময় যাত্ৰা ৷ এতিয়াৰে পৰা এণ্ড্ৰইড এপ্লিকেচনত উপলব্ধ হ'ব ভাওনা ৷ বৃহস্পতিবাৰে নাৰায়ণপুৰ প্ৰেচ ক্লাৱত মুকলি কৰা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা উপভোগ কৰিব পৰাকৈ "ভাওনা"(VAUNA) নামৰ এটা এপ্লিকেচন ৷

চুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক সমল সংৰক্ষণৰ উদ্দেশ্যে মৰাণত সংগ্ৰহালয় মুকলি

অসমীয়া ভাষা-সংস্কৃতি সমৃদ্ধশালী কৰা অসমৰ অন্যতম জনগোষ্ঠী হ'ল চুতীয়া জনগোষ্ঠী । জনগোষ্ঠীটোৰ ঐতিহাসিক সমল তথা সাহিত্য-সংস্কৃতিৰ মেটমৰা সম্ভাৰ নতুন প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ উদ্দেশ্যে মৰাণত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় আৰম্ভ কৰাৰ লগতে গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে ।

সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদী নেতা নহয় : জগদীশ ভূঞা

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰষত গঠন হোৱা অসম জাতীয় পৰিষদ ৷ নৱ গঠিত আঞ্চলিক দলটোৱে অসমৰ 126 টা সমষ্টিতে প্ৰাৰ্থী ঠিয় কৰোৱাৰ বাবে ঠিৰাং কৰিছে ৷ অৱশ্যে এতিয়াও এই ক্ষেত্ৰত বহুখিনি কাম বাকী আছে ৷ মৰিগাঁৱত এই কথা প্ৰকাশ কৰে দলৰ আহ্বায়ক তথা প্ৰাক্তন অগপ নেতা জগদীশ ভূঞাই ৷

মিজো আগ্ৰাসনৰ বিৰুদ্ধে কাছাৰত CPIMৰ প্ৰতিবাদ

অসমৰ ভূমিত মিজো আগ্ৰাসনৰ বিৰুদ্ধে বৃহস্পতিবাৰে কাছাৰ জিলাত CPIM য়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ লায়লাপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ ধলাই শাখাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

CBIক হাথৰছ কাণ্ডৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ লক্ষ্ণৌ আদালতৰ

লক্ষ্ণৌ আদালতে দেওবাৰে CBIক হাথৰছ ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ লগতে,পৰৱৰ্তী শুনানিত তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে জনাবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ ন্যায়াধীশ পংকজ মিট্টাল আৰু ন্যায়াধীশ ৰাজন ৰয়ৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details