অসম

assam

By

Published : Oct 21, 2020, 1:09 PM IST

ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

1 PM TOP TEN NEWS
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিধায়ক ৰকিবুল হুছেইনৰ মন্তব্য

বুধবাৰে শিৱসাগৰত চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন উপস্থিত হৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তুলা-ধূনা ৷ জেঙণিকটীয়াত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কংগ্ৰেছ দলৰ জেষ্ঠ নেতাগৰাকীয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ মিত্ৰতাই বিজেপি বিৰোধী সংযুক্ত মৰ্চাক সহায় কৰিব বুলি মন্তব্য কৰে ৷

চলা অভয়াৰণ্যৰ তদাৰকী অনুষ্ঠানৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

চলা গ্ৰাম্য অভয়াৰণ্যৰ সংৰক্ষণৰ বাবে গঠন কৰা চলা ভিলেজ চেনছুৱেৰী কনজাৰভেচন ছ’চাইটিৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন । চাইক্লিং,জাংগল ট্ৰেকিঙৰ লগতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে কৰি ইক’ টুৰিজিমৰ ওপৰত বিশেষ চৰ্চা কৰা হয় উক্ত অনুষ্ঠানত ।

কোকৰাঝাৰত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে শহুৰ-শাহুয়েকে

মঙলবাৰে নিশা কোকৰাঝাৰত নন্দিতা ৰায় নামৰ এগৰাকী বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিয়ে শহুৰ-শাহুয়েকে ৷ বিবাহৰ পাচৰ পৰাই শহুৰ-শাহুৱেকে বোৱাৰী নন্দিতাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে বোৱাৰী গৰাকীয়ে ৷

শক্তি বিভাগৰ গাফিলতিৰ বাবে জাগুনত বনৰীয়া হাতীৰ মৃত্যু

জাগুনত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এটা বনৰীয়া হাতীৰ । জাগুনৰ বিষ্ণুপুৰত মংগলবাৰে নিশা সংঘটিত হয় এই ঘটনাটো ৷ শক্তি বিভাগৰ গাফিলতিৰ বাবে হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

সম্পন্ন হ’ল নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ‘ৰোকা’

মঙলবাৰে কণ্ঠশিল্পী ৰোহনপ্ৰীত সিঙৰ সৈতে মাংগলিক ৰোকা কাৰ্য সম্পন্ন কৰে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে ৷ চলিত মাহৰ শেষৰ ফালে বিবাহ পাশত আৱদ্ধ হ’ব নেহা-ৰোহন ৷

বিলাসীপাৰাত পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতিৰ ভাতৃত্ববোধৰ নিদৰ্শন

শাৰদীয় দুৰ্গা পূজা উপলক্ষ্যে দুই শতাধিক দৰিদ্ৰ হিন্দু পৰিয়ালক বস্ত্ৰ বিতৰণ জামাল হকৰ ৷ বিলাসীপাৰা উন্নয়ন খণ্ডৰ অধীনস্থ আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি জামাল হক ৷

বিলুপ্তপ্ৰায় বাদুলীৰ আশ্ৰয়স্থলী হৈ পৰিছে এজোপা জৰী গছ

মৰাণৰ 80 বছৰ পুৰণি এজোপা জৰী গছত বাদুলিৰ আশ্ৰয়স্থল ৷ বহু বছৰ ধৰি অসংখ্য বাদুলীয়ে আশ্ৰয় লৈ আছে এই গছজোপাত ৷ গছজোপা সংৰক্ষণৰ বাবে আহ্বান স্থানীয় ৰাইজৰ ।

কৰাচীত বোমা বিস্ফোৰণঃ 3জনৰ মৃত্যু, 15 জন আহত

পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কৰাচী বিশ্ববিদ্যালয়ৰ সমীপৰ মাচকান গেটৰ কাষতে থকা এটা চাৰিমহলীয়া অট্টালিকাত সংঘটিত হয় এই বিস্ফোৰণ ৷

চাপৰত আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী

মঙলবাৰে নিশা পুনৰ পূৱ বিলাসীপাৰাৰ চাপৰত 14 কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা ব্যৱসায়ীক আটক আৰক্ষীৰ ৷ গাঞ্জাখিনি 48 হাজাৰ টকাত ক্ৰয় কৰা ধৃত গাঞ্জা ব্যৱসায়ীয়ে সদৰি কৰে ৷

নিৰ্বাচনী ৰেলীত যোগ দিয়াৰ সিদ্ধান্ত মেলানিয়া ট্ৰাম্পৰ

মঙলবাৰে পেন্সিলভেনিয়াৰ এক নিৰ্বাচনী ৰেলীত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ ৷ ক’ভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰাৰ পাচত এই সিদ্ধান্ত লৈছে মেলানিয়া ট্ৰাম্পে ৷

ABOUT THE AUTHOR

...view details