অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 17, 2020, 12:59 PM IST

কলিয়াবৰত 17 ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ

কলিয়াবৰত উদ্ধাৰ কৰা হৈছে এডাল বৃহৎ অজগৰ ৷ ছাগলী ভক্ষণ কৰি থকা অৱস্থাত অজগৰডাল উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই ৷

নগাঁৱৰ কঠিয়াতলীত দহ বছৰীয়া কন্যাৰ সন্মুখত হত্যা মাতৃক

নগাঁও কঠিয়াতলীত লোমহৰ্ষক হত্যাকাণ্ড ৷ সোমবাৰে পুৱা কঠিয়াতলীৰ টুবুকী গ্ৰান্টৰ বাসিন্দা জোচনাৰা বেগম নামৰ মহিলা গৰাকীক শোৱা পাটিত হত্যা কৰে দুৰ্বৃত্তই ৷ বাসগৃহৰ বেৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰে মহিলা গৰাকীক ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ ৷

পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

সোমবাৰে পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ দিল্লীৰ আৰ্মি হাস্পতালৰ চিকিৎসকে প্ৰকাশ কৰিছে এই কথা ৷

কলিয়াবৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী সন্দৰ্ভত ন-ন তথ‍্য উদঘাটন

৭৪ সংখ‍্যক স্বাধীনতা দিৱসত মুখ‍্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰা কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অব‍্যাহত থকা আৰক্ষীৰ অভিযানত, অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছে। তদন্তত আৰু অধিক লোক জড়িত থকাৰ সম্ভাৱনা প্ৰকট কৰিছে কলিয়াবৰ আৰক্ষীয়ে।

কঠিয়াতলীত পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

নগাঁৱৰ কঠিয়াতলীত উদ্ধাৰ হৈছে এগৰাকী ব্যক্তিৰ মৃতদেহ ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।

কমলপুৰ সমষ্টি অগপৰ দখলত থকাটো এশ শতাংশ নিশ্চিতঃসত্যব্ৰত কলিতা

সোমবাৰে কমলপুৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ বিধায়কগৰাকীয়ে কয় যে, কমলপুৰত বিজেপিয়ে কোনো কাৰণতে আসন কাঢ়ি নিব নোৱাৰে ৷ আগন্তুক নিৰ্বাচনত অগপৰ সাংগঠনিক ভেটি মজবুত থকা মুঠ 40 টা সমষ্টি, অগপ দলক এৰি দিবলৈ বিজেপিক হেঁচা প্ৰয়োগ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়ক সত্যব্ৰত কলিতাই ৷

মৰাণ সমষ্টিৰ লেজাইত বিধস্ত পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

বিধস্ত পথ মেৰামতিৰ দাবীৰে সোমবাৰে মৰাণ সমষ্টিৰ লেজাইত পথৰ মাজতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোকে ৷

লাম্পি সমস্যাক লৈ গোৰ্খা ছাত্ৰ সন্থাৰ অভিযোগ নস্যাৎ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ

লাম্পিক লৈ মেঘালয়ে সময়ে সময়ে অসমৰ জনতাক কৰা আক্ৰমণৰ সমস্যাৰ, জন্মলগ্নৰে পৰা ভুক্তভোগী বুলি মন্তব্য ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীৰ ৷ এই ক্ষেত্ৰত পৰিষদৰ তৰফৰ পৰা বহুবাৰ চৰকাৰক আবেদন নিবেদন কৰা হৈছিল যদিও কোনো সুফল নোপোৱা বুলিও জনায় অৰ্জুন চেত্ৰীয়ে ৷

ডুমডুমাৰ টিপুকস্থিত ইটাভাটাৰ পুখুৰীত উদ্ধাৰ মৃতদেহ

ডুমডুমাৰ ব্যৱসায়ী পুলিন দুৱৰাৰৰ ইটাভাটাত থকা পুখুৰীত দেওবাৰে নিশা উদ্ধাৰ হয় এগৰাকী লোকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা লোকগৰাকী বাগিছা খনৰ শ্ৰমিক বুধুৰাম কৰ্মকাৰ বুলি জানিব পৰা গৈছে ৷

ভাওনা সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহায্য

১৯৯৪ চনৰ পৰাই ভাওনাৰ প্ৰতি যুৱচাক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে সাধনা অব্যাহত ৰাখিছিল টীয়ক ৰজাবাৰীৰ কৃষ্ণপদ কলিতাই । যাৰ বাবে অসমৰ ভিন্ন প্ৰান্তত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল কৃষ্ণপদ কলিতাই ৷ তেখেতৰ এই জীৱনজোৰা সাধনাই চৰকাৰী স্বীকৃতি লাভ কৰাৰ বাবে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে টীয়ক প্ৰেছ ক্লাৱে ৷

ABOUT THE AUTHOR

...view details