অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TOP TEN BULLETIN

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 5, 2021, 1:02 PM IST

ভাৰতীয় বায়ু সেনা প্ৰধানৰ সৈতে ফ্ৰান্সৰ প্ৰতিনিধিৰ বৈঠক

ভাৰতীয় বায়ু সেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল আৰ.কে.এচ ভাদোৰিয়াই শুকুৰবাৰে বাংগালুৰুত এৰো ইণ্ডিয়া 2021 শীৰ্ষক এখন বৈঠকত মিলিত হয় ৷ বৈঠকত তাজিকিস্তান আৰু বাংলাদেশৰ লগতে ফ্ৰান্সৰ প্ৰতিনিধিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰে বায়ু সেনা প্ৰধান গৰাকীয়ে ৷

ধেমাজিত পৰিত্যক্ত গৃহলৈ ৰূপান্তৰ হৈছে আন্তঃজিলা বাছ আস্থান

’ভিড মহামাৰীৰ সময়ত প্ৰতিটো কোৱাৰেন্টাইন কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ চাফাই কৰ্মী নিয়োগ কৰা হৈছিল আৰু চাফ চিকুনতাৰ কথা দোহাৰি থকাৰ পিছতো কেন্দ্ৰটোত আৱজনা সমূহ পৰিস্কাৰ নহ’ল ৷ যাৰ ফলত মুকলি নহওঁতেই ভৱনটোৰ সমগ্ৰ পৰিৱেশ নৰক সদৃশ হৈ পৰিছে ৷ তদুপৰি এই সমূহৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈ বতাহত বিয়পি পৰাত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু আশ্চৰ্যজনক ভাৱে ধেমাজি সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব নিদিয়া পৰিলক্ষিত হোৱা নাই ৷

নগাঁৱত কংগ্ৰেছৰ বাইক ৰেলী

নগাঁৱত এইবাৰ কংগ্ৰেছৰ বাইক ৰেলী ৷ বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

১৪ ফেব্ৰুৱাৰীত শিৱসাগৰলৈ আহিব ৰাহুল গান্ধী

শিৱসাগৰত অলপতে নিৰ্বাচনী প্ৰচাৰ চলাই গ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ বিপৰীতে ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে শিৱসাগৰলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷

মৰিগাঁৱত ৭২ সংখ্যক গাঁওৰক্ষীৰ বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

মৰিগাঁৱত ৭২ সংখ্যক গাঁওৰক্ষীৰ বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী,গাঁওৰক্ষী আৰু পৌৰসভাৰ উদ্যোগত চাফাই অভিযান ।

পাকিস্তানৰ ওপৰত সন্ত্ৰাস আৰু শত্ৰুতামুক্ত পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্ব: ভাৰত

ভাৰতে সন্ত্ৰাস, শত্ৰুতা আৰু হিংসামুক্ত পৰিৱেশত পাকিস্তানৰ সৈতে স্বাভাৱিক চুবুৰীয়া সম্পৰ্ক বিচাৰে বুলি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰে ৷ শ্ৰীবাস্তৱে কয়,যে এনে শান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে পাকিস্তানৰ ওপৰত যথেষ্ট দায়বদ্ধতা আছে ৷

বিজেপি দলৰ উন্নয়নক ৰাইজে কেতিয়াও নাপাহৰে: মন্ত্ৰী যোগেন মহন

মৰাণত ভূমি পট্টা বিতৰণ অনুষ্ঠানত ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলক কটাক্ষ কৰি যোগেন মহনে কয়, ৰাইজৰ দল আৰু এজেপিক ৰাইজে কেনেদৰে গ্ৰহণ কৰিব সেয়া ৰাইজে বিবেচনা কৰিব । বিজেপি মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে যি কাম কৰিছে সেয়া ৰাইজে কেতিয়াও নাপাহৰে।

চলিত বৰ্ষৰ অক্টোবৰলৈ চলিব কৃষি আইন বাতিলৰ প্ৰতিবাদ

আমি দিল্লীত একো নকৰো, তাত থকা ৰজাই ইতিমধ্যে ইয়াক সুৰক্ষিত কৰিছে, এতিয়া আমাৰ অৱৰোধ কৰাৰ কোনো প্ৰয়োজন নাই, ' এই মন্তব্য কৃষি আইন বাতিলৰ প্ৰতিবাদকাৰীৰ ৷ ইয়াৰ উপৰি অহা অক্টোবৰ মাহ পৰ্যন্ত এই আন্দোলন চলিব বুলি সদৰি কৰে ভাৰতীয় কিষান ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে ৷

১৪ ফেব্ৰুৱাৰীত শিৱসাগৰলৈ আহিব ৰাহুল গান্ধী

শিৱসাগৰত অলপতে নিৰ্বাচনী প্ৰচাৰ চলাই গ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ বিপৰীতে ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে শিৱসাগৰলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷

ঊষাৰাণী চেলেঙলৈ অসম লেখিকা সন্থাৰ লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা

টিংখাঙৰ সাহিত্য আৰু সমাজ জীৱনৰ প্ৰতি আগবঢ়াই অহা জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ঊষাৰাণী চেলেঙলৈ অসম লেখিকা সন্থাই আগবঢ়াই লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা ৷ টিংখাং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত টিংখাঙৰ সাহিত্য আৰু সমাজ জীৱনৰ প্ৰতি আগবঢ়াই অহা জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয় এই বঁটা ৷

ABOUT THE AUTHOR

...view details