অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TOP TEN BULLETIN

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 4, 2021, 12:56 PM IST

চূড়ান্ত হ'ল ৰাইজৰ দল আৰু এজেপিৰ মিত্ৰতা,আনুুষ্ঠানিক ঘোষণা লুৰীণৰ

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজৰ আনুষ্ঠানিক মিত্ৰতাৰ চুড়ান্ত ঘোষণা কৰিলে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ মিত্ৰতাৰ প্ৰসংগটোক আগবঢ়োৱাৰ বাবে বৃহস্পতিবাৰে হাস্পতালতে অখিল গগৈক সাক্ষাৎ কৰে লুৰীণে ৷ হাস্পতালত দুই ঘণ্টা জোৰা বৈঠকৰ অন্তত মিত্ৰতা চূড়ান্ত হোৱাৰ কথা ঘোষণা কৰে লুৰীণজ্যোতি গগৈয়ে ৷

হাফলংত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক বাৰ্ষিক অধিবেশন

ফেব্ৰুৱাৰীৰ 26,27,আৰু 28 তাৰিখে অনুষ্ঠিত হ’ব সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক বাৰ্ষিক অধিবেশন ৷ এই অধিবেশনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে অধিবেশনৰ বাবে গঠন কৰা আহ্বায়ক কমিটিৰ সভাপতি কুমুদ ৰঞ্জন কেম্প্ৰাইয়ে ৷

ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীৰে মিজোৰামৰ বৃহৎ ছাত্ৰ সংগঠন মিজো জিৰলাই পাৱলৰ প্ৰতিবাদ ৷ বুধবাৰে বৃহৎ ছাত্ৰ সংগঠনটোৱে সামৰিক বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

মৰাণত ভূমি পট্টা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে

বুধবাৰে মৰাণৰ শিল্পী সমাজৰ প্ৰেক্ষাগৃহত ৰাজহ আৰু গড়কাপ্তানী মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলাৰ প্ৰতিটো সমষ্টিৰে 1199 গৰাকী হিতাধিকাৰীৰ মাজত ভূমি পট্টা প্ৰদান কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ কেইবাজনো বিষয়াক নিলম্বন

বিয়লি ২-৩০ বজাৰ পৰা তদন্ত কৰিব ভুৱা বিলৰ অভিযোগৰ তদন্ত,চহী,হাতৰ আখৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা,বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ আদিকে ধৰি উত্থাপিত অভিযোগৰ তদন্ত কৰি ৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি দলটোৱে উল্লেখ কৰে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে চাইক্লিং ব্যৱস্থাৰ সংযোগ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে চাইক্লিং ব্যৱস্থাৰ উদ্বোধন কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ মানাহৰ সুৰক্ষাৰ কামত নিযোজিত অনিয়মীয়া বন কৰ্মীৰ চাকৰি সমূহ নিয়মীয়া কৰাৰ আশ্বাস প্ৰদান।

পদ-পথৰ পৰিত্যক্ত অৱস্থাত থকা দেৱালত চিত্ৰ অংকণত ব্যস্ত এদল যুৱক

পদ-পথৰ কাষত পৰিত্যক্ত অৱস্থাত থকা দেৱাল সমূহত চিত্ৰ অংকনত ব্যস্ত হৈ পৰিছে এদল যুৱক। ৰং-তুলিকাৰে ৰাস্তা কাষৰ দেৱাল সমূহ সজাই তোলাৰ প্ৰয়াস কৰিছে যুৱকৰ দলটোৱে ৷ সম্প্ৰতি চিত্ৰ কলাৰ সৈতে জড়িত লিডুৰ একাংশ যুৱক একত্ৰিত হৈ অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰিত্যক্ত দেৱাল সমূহত এনেদৰে চিত্ৰ অংকণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

মাৰ্চ মাহৰ পৰা অসমত চলাচল কৰিব বৈদ্যুতিক ৰেল

শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰেলেৰে যাতায়ত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানত উপস্থিত হ’ব পাৰিব যাত্ৰীসকলে। সম্প্ৰতি বৈদ্যুতিক ৰেল চলাচলৰ বাবে দিনে নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰেল বিভাগৰ কৰ্মচাৰী সকলে ।

কমল কুমাৰ মেধিৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত গোচৰ

ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়া ৰাইজৰ দলৰ উপ-সভাপতি কমল কুমাৰ মেধিৰ বিৰুদ্ধে বুধবাৰে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জামুগুৰিহাটৰ ৬ খনকৈ আঞ্চলিকৰ সমন্বয়ৰক্ষী সমাজ আৰু জামুগুৰি আঞ্চলিক ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমাজে ৷

নাৰায়ণপুৰত জালিয়াতিৰে টকা ধাৰলৈ লৈ আৰক্ষীৰ জালত মহিলা

নাৰায়ণপুৰৰ দুই নং বহুপথাৰ গাঁৱৰ এবি বৰাই গাওঁখনৰ মহিলা গোট, আত্মীয়-স্বজন মিলাই সাতাৱন্ন গৰাকীৰ পৰা ধাৰলৈ লৈছিল প্ৰায় সাতচল্লিশ লাখ টকা ৷ দলিল আৰু চুক্তিপত্ৰ লিখি দহ টকা সুদ দিয়াৰ চলেৰে বৃহৎ পৰিমানৰ টকা ধাৰলৈ লৈ এবি বৰা আৰু স্বামী ফুলেন বৰাই অন্য স্থানত মাটি কিনি ঘৰ বাৰি পতাৰ লগতে গাড়ী পৰ্যন্ত কিনিলে ৷

ABOUT THE AUTHOR

...view details