গুৱাহাটী, ১ ডিচেম্বৰ : চৰকাৰী শিক্ষা খণ্ডৰ আমুল পৰিৱৰ্তন হোৱা বুলি বিজেপি চৰকাৰে সততে দাবী কৰি আহিছে (Assam Education Sector poor condition) । কিন্তু বাস্তৱ ক্ষেত্রত তেনে নহয় । বিভিন্ন ক্ষেত্রত চৰকাৰী শিক্ষা খণ্ড সমস্যাৰে যুঁজ দি আহিছে (problems of govt education institutes in Assam) । দুৰ্বল আন্তঃগাঁথনিৰ উপৰি শিক্ষাৰ গুণগত মানকে ধৰি বিভিন্ন কাৰণত চৰকাৰী শিক্ষা খণ্ডটো সমস্যাজৰ্জৰ হৈ আহিছে ।
বহু সময়ত শিক্ষা খণ্ডৰ কেতবোৰ হতাশজনক ছবিয়ে ইয়াৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়ে । লক্ষণীয়ভাৱে কেন্দ্রীয় শিক্ষা মন্ত্ৰালয়কে (Ministry of Education) ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰতিবেদনত ৰাজ্যৰ শিক্ষা খণ্ডৰ শোচনীয় অৱস্থা জলজল-পটপটকৈ উন্মোচন হৈছে । আনহাতে, এনে দুৰৱস্থা আঁতৰ কৰি ৰাজ্যখনৰ শৈক্ষিক মান উন্নত কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ ল'বলৈ অসম চৰকাৰক কঠোৰ নির্দেশ দিবলগীয়া হৈছে কেন্দ্ৰৰ শিক্ষা মন্ত্রালয়ে ।
পিছে এনে নির্দেশ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পিছতো বাস্তৱত কোনো কামেই হোৱা নাই । প্ৰাপ্ত তথ্য মতে, অসমত বর্তমান সময়তো বিদ্যালয়সমূহ অপ্রশিক্ষিত শিক্ষকেৰে ভৰি আছে (untrained teachers in Assam Education Sector) । বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰক এই অপ্রশিক্ষিত শিক্ষকসকলক প্রশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ো সেই কাম হাতে-কামে কৰা নাই ৰাজ্য চৰকাৰখনে । চৰকাৰী খণ্ডৰ প্রাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো অপ্রশিক্ষিত শিক্ষকেৰে ভৰি আছে (untrained teachers teaching in schools of Assam) ।
তথ্য অনুসৰি, বৰ্তমান সময়ত ৰাজ্যখনত ১,৩৪,১১৮ গৰাকী শিক্ষকৰে নাই কোনো আনুষ্ঠানিক প্রশিক্ষণ । সেই হিচাপত ৰাজ্যৰ বিদ্যালয় শিক্ষা অর্থাৎ প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ কৰ্মৰত মুঠ শিক্ষকৰ ৩৮ শতাংশ শিক্ষকেই অপ্রশিক্ষিত । উক্ত শিক্ষকসকলে কোনো প্রশিক্ষণ নোলোৱাকৈ বছৰৰ পিছত বছৰ ধৰি পাঠদান কৰি আহিছে । অপ্রশিক্ষিত এই শিক্ষকক ইতিমধ্যে বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগেও কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা পৰ্যালোচনা বৈঠকত বিশেষভাৱে মাধ্যমিক বিদ্যালয়ত অপ্রশিক্ষিত শিক্ষকক শীঘ্ৰেই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।