গুৱাহাটী, ২৫ নৱেম্বৰ : ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী (Shariful murder case in Guwahati)৷ এইবাৰ চৰিফুল হত্যাকাণ্ডই নতুন মোৰ লৈছে ৷ মহানগৰীৰ চানমাৰিৰ এটা নলাত উদ্ধাৰ হোৱা চৰিফুলৰ হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই (Murder case at Chandmari) ৷
বৃহস্পতিবাৰে নিশা চানমাৰি আৰক্ষীয়ে নিজৰাপাৰৰ পৰা এটা অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (1 arrested related to Shariful murder case) ৷ উল্লেখ্য যে মহানগৰীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ এটা নলাত যোৱা ২৮ মে’ত নুনমাটি ২ নং নিজৰাপাৰৰ চৰিফুল আলী নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ চৰিফুলক তেওঁৰেই সতীৰ্থই ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰি মৃতদেহটো নলাত পেলাই দিছিল ৷
ঘটনাটো সংঘটিত হোৱাৰ দিনা চৰিফুলৰ ঘৰৰ ওচৰৰে জাহান উদ্দিন নামৰ বন্ধুজনৰ সৈতে কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল (Friend killed Shariful Ali) ৷ তাৰ পিছতেই খঙৰ ভমকত জাহানুদ্দিন আলীয়ে লগত থকা চুৰিৰে চৰিফুলৰ ডিঙি ৰেপি হত্যা কৰি নলাত পেলাই দিয়ে ৷ চৰিফুলৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে চৰিফুলৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চানমাৰী আৰক্ষীয়ে (Chandmari police investigation) ভাৰতীয় দণ্ড বিধি ৩০২/৩৪ৰ অধীনত ২৪৯/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল ৷