অসম

assam

ETV Bharat / state

যোৰহাটত জুবিন

কাঞ্চনজংঘাৰ প্ৰচাৰ চলাবলৈ যোৰহাটত উপস্থিত জুবিন গাৰ্গ ৷ চহৰ খনৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিলে জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷

By

Published : Aug 21, 2019, 2:25 AM IST

কাঞ্চনজংঘাৰ প্ৰচাৰত ব্যস্ত জুুবিন গাৰ্গ

যোৰহাট,21 আগষ্টঃ 6 ছেপ্তেম্বৰত মুক্তি লাভ কৰিব বহু প্ৰতীক্ষিত অসমীয়া ছবি 'কাঞ্চনজংঘা'৷ ছবিখনৰ প্ৰচাৰত ব্যস্ত ছবি খনৰ নিৰ্মাতা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ৷ বৰ্তমান উজনি অসমত প্ৰচাৰ চলোৱাত ব্যস্ত জুবিন গাৰ্গৰ লগতে ছবি খনৰ অন্যান্য কলা-কুশলী সকল ৷ বুধবাৰে যোৰহাট চহৰত উপস্থিত হয় কাঞ্চনজংঘাৰ দল ৷ চহৰ খনৰ জগ্ননাথ বৰুৱা মহাবিদ্যালয়, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰচাৰ চলাই জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, শশাংক সমীৰ,ত্ৰিদিৱ লাহন আদিয়ে ৷ অসম কৃষি বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে প্ৰায় ২ ঘন্টা সময় মত-বিনিময় কৰে জুবিন গাৰ্গে ৷

কাঞ্চনজংঘাৰ প্ৰচাৰত ব্যস্ত জুুবিন গাৰ্গ

ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰত অহা দুবছৰৰ ভিতৰত 10 কোটি টকা ব্যয়ৰে ৰাজ্যত 57 টা চলচিত্ৰ গৃহ নিৰ্মাণ কৰা হ'ব বুলি জনাই জুবিন গাৰ্গে ৷ শীঘ্ৰে নদী-দ্বীপ মাজুলীত চিত্ৰগৃহ নিৰ্মাণ হ'ব বুলিও অৱগত কৰে জুবিন গাৰ্গে ৷ ইয়াৰোপৰি,অসমীয়া চিনেমাৰ ভৱিষ্যৎ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে কাঞ্চনজংঘাৰ গীতো পৰিৱেশন কৰে জুবিন গাৰ্গে ৷

ABOUT THE AUTHOR

...view details