অসম

assam

ETV Bharat / state

নিবনুৱা সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ কৰা নাই বিজেপিয়েঃঅংকিতা দত্ত - youth congress protest at jorhat assam etv bharat news

ৰাজ্য তথা দেশৰ নিবনুৱা সমস্যা সমাধানক কেন্দ্ৰ কৰি যোৰহাটত যুৱ কংগ্ৰেছৰ সংবাদমেলৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী

youth congress protest at jorha
যোৰহাটত যুৱ কংগ্ৰেছৰ সংবাদমেল

By

Published : Jan 24, 2020, 6:43 PM IST

যোৰহাট,24 জানুৱাৰীঃৰাজ্য তথা দেশত নিবনুৱা সমস্যা এক ব্যাধিলৈ পৰিণত হোৱা বিষয়ক কেন্দ্ৰ কৰি যোৰহাটত এক সংবাদ মেল অনুষ্ঠিত কৰে যুৱ কংগ্ৰেছে। সংবাদ মেলখনত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ লগতে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক মেঘনাথ ছেত্ৰী উপস্থিত থাকে। ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এটা টোল ফ্ৰী নম্বৰ মুকলি কৰি উক্ত নম্বৰত তেওঁলোকক মিছ কল দিবৰ বাবে আহ্বান জনায়। পৰৱৰ্তী সময়ত এই মিছ কলৰ সহায়ত কিমান যুৱক যুৱতী নিবনুৱা হৈ আছে সেই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰিব যুৱ কংগ্ৰেছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ
আনহাতে যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ মুক্তিৰ দাবীত শুকুৰবাৰে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে উত্তাল কৰি তোলে যোৰহাটৰ ৰাজপথ। যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক, সভানেত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম আৰক্ষীয়ে প্ৰায় ৩২ টাকৈ গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা যুৱ কংগ্ৰেছৰ কামৰুল ইছলামক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়। আনহাতে যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সমদল কৰি প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে যোৰহাট জিলা প্ৰশাসনৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
যোৰহাটত যুৱ কংগ্ৰেছৰ সংবাদমেল

ABOUT THE AUTHOR

...view details