অসম

assam

ETV Bharat / state

Youth Congress meet in Jorhat : ভাৰতৰ গৌৰৱ হৈছে গৌৰৱ গগৈ :জুবেইৰ আনম - Congress slam BJP in Jorhat

যোৰহাটত কংগ্ৰেছৰ "লক্ষ্য এই যাত্ৰা সুদূৰ প্ৰসাৰী" যুৱ সমাৰোহ । যুৱ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ অৰ্ধ শতাধিক যুৱক যুৱতীৰ কংগ্ৰেছত যোগদান ।

Congress slam BJP in Jorhat
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি

By

Published : Aug 12, 2023, 8:16 PM IST

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি

যোৰহাট, ১২ আগষ্ট:লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছে নিজৰ হেৰাই যোৱা সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে । ইতিমধ্য়ে ৰাজ্য়ৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰিছে সাংগঠনিক সভা আদি । ইয়াৰেই অংশৰূপে শনিবাৰে যোৰহাটত অনুষ্ঠিত হয় "লক্ষ্য এই যাত্ৰা সুদূৰ প্ৰসাৰী" যুৱ সমাৰোহ ।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা তত্বাৱধায়ক ড৹ স্মৃতিৰঞ্জন লেংকাৰ উপস্থিতিত তিতাবৰত অনুষ্ঠিত হয় "লক্ষ্য এই যাত্ৰা সুদূৰ প্ৰসাৰী" যুৱ সমাৰোহ অনুষ্ঠান । এই যুৱ সমাৰোহ অনুষ্ঠানত যোগদান কৰে অৰ্ধ শতাধিক চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীয়ে । কংগ্ৰেছৰ উক্ত যোগদান সমাৰোহত চাহ জনগোষ্ঠীয় লোক উৎসাহ দেখি আপ্লুত হৈ পৰে কংগ্ৰেছ বিষয়ববীয়াসকল ।

এই যোগদান সমাৰোহত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছ সভাপতি জুবেইৰ আনমে কয় যে বিজেপিৰ মতে উজনিত কংগ্ৰেছৰ ভেঁটি অতি দুৰ্বল । কিন্তু আজিৰ যোগদান সমাৰোহে প্ৰমাণ কৰিলে কংগ্ৰেছৰ ভেঁটি উজনিত দুৰ্বল নহয় । তেওঁ পুনৰ কয় যে বৰ্তমান উজনিত কংগ্ৰেছৰ শক্তিশালী ৰূপতহে আত্মপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Indo-China Conflict: টাইৱান আক্ৰমণৰ প্ৰস্তুতি চীনৰ; ভাৰতক সতৰ্ক হৈ থকাৰ পৰামৰ্শ টাইৱানৰ প্ৰতিৰক্ষা বিশেষজ্ঞৰ

যুৱ কংগ্ৰেছ সভাপতি জুবেইৰ আনমে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভতো মন্তব্য় আগবঢ়ায় । যুৱ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে গৌৰৱ গগৈ অসম গৌৰৱ হৈ থকা নাই । তেওঁ এতিয়া সমগ্ৰ ভাৰতৰে গৌৰৱ হৈ পৰিছে । ইপিনে,আজিৰে পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিতে কংগ্ৰেছৰ যোগদান কাৰ্যসূচী ক্ৰমাগতভাৱে চলি থাকিব বুলি কয় প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । উল্লেখ্য যে উক্ত যোগদান অনুষ্ঠান কাৰ্যসূচীৰ জৰিয়তে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তিতাবৰ পৰাই ৰণডংকা বজালে অসম প্ৰদেশ যুৱ কংগ্ৰছে ।

লগতে পঢ়ক:Palm oil plantation in Assam: পাম খেতিৰ ফলত ইন্দোনেছিয়াৰ দৰে হ'ব নেকি অসমৰ অৱস্থা; বিভিন্ন কৃষক, কৃষক সংগঠনৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details