টীয়কত এজাক নৱপ্ৰজন্মৰ গ্ৰন্থ সংগ্ৰহ
ৱাটছএপৰ জৰিয়তে গঠন হোৱা প্ৰীত নামৰ এটা গোটে ন-পুৰণি গ্ৰন্থ সংগ্ৰহ কৰি গ্ৰন্থাগাৰলৈ প্ৰদান কৰিব গ্ৰন্থসমূহ ৷
টীয়ক,15 জুনঃ যোৰহাট জিলাৰ টীয়কৰ মাজমজিয়াত এজাক নৱ প্ৰজন্মই সংগ্ৰহ কৰিছে ন-পুৰণি বিভিন্ন কিতাপ । যি সময়ত ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি সঘনাই অভিযোগ উঠিছে সেই সময়তে যোৰহাট,টীয়ক,শিৱসাগৰ আদিৰ এদল উদ্যমী যুৱক যুৱতীয়ে Whatsup ৰ জৰিয়তে ‘প্ৰীত’ নাম দি এটা গোট কৰি অসমৰ বিভিন্ন অঞ্চলত কিতাপ সংগ্ৰহ কৰিছে । ‘প্ৰীত’ৰ এই কৰ্মসূচীত বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক তথা বহুতো গ্ৰন্থানুৰাগী ব্যক্তিয়ে সহযোগ কৰি গ্ৰন্থ দান কৰা পৰিলক্ষিত হৈছে । এই সংগৃহীত কিতাপবোৰ বৰ্তমান কোনো গ্ৰন্থাগাৰত প্ৰদান কৰিব আৰু ভৱিষ্যতে প্ৰীতে নিজাববীয়া এক গ্ৰন্থাগাৰ স্থাপন কৰাৰ লগতে দুখীয়া ছাত্ৰ ছাত্ৰীসকলক এই মাধ্যমৰ জৰিয়তে কিতাপ যোগান ধৰিব বুলি জানিবলৈ দিছে ।