যোৰহাট, 22 নৱেম্বৰ : জাতীয় সংগঠনৰ নামত একাংশৰ মইমতালি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া একাংশ অৰাজনৈতিক জাতীয় সংগঠনে যেন চলাই গৈছে শাসন । শেহতীয়াকৈ সংগঠনৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক । লাচিত দিৱস (Lachit Divas)অনুষ্ঠিত কৰাৰ বাবে ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ব লগীয়া হ’ল জনৈক দাস নামৰ এজন জাতীয় সংগঠনৰ কৰ্মী ৷ যোৰহাট(Jorhat)ত সংঘটিত হৈছে এই ঘটনা ৷
জাতীয় সংগঠনৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক - যোৰহাট জ্লা প্ৰশাসন
জাতীয় সংগঠনৰ নামত একাংশৰ মইমতালি ৷ লাচিত দিৱস আয়োজনৰ বাবে ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল জাতীয় সংগঠনৰ কৰ্মী ৷

ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক
জাতীয় জীৱনৰ সমস্যাৰ বাবে যুঁজ দি অহা একাংশ জাতীয় সংগঠনৰ মুকুটবিহীন নেতাই এতিয়া ধন ঘটাৰ আহিলা হিচাপে বাছি লৈছে জাতীয় সংগঠনৰ বেনাৰ । মুঠৰ ওপৰত ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ প্ৰশাসনিক দূৰ্বলতাৰ বাবে বিভিন্ন সময়ত একাংশ জাতীয় সংগঠনৰ নেতাই নিজকে স্থানীয় প্ৰশাসনিক মুৰব্বী বুলি ভাবি এনেধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে । যাৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷
লগতে পঢ়ক :Smart policing in Assam : মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগে লগেই আৰক্ষীয়ে ল’লে পদক্ষেপ