টীয়ক, 19 জানুৱাৰী: "গোচৰ ৰুজু হৈ আছে আদালতত ৷ NRC ৰ নামত ৰুজু হৈ আছে গোচৰ ৷ আজি আদালতত শুনানি আছিল ৷ কাম কৰি 30 হাজাৰ টকা উপাৰ্জন কৰি আদালতত দিলো ৷ কিন্তু বাকী পইচা গোটাব নোৱাৰিলো ৷ সেইকাৰণে আলফাৰ নামত ধন দাবী কৰিবলগীয়া হ’ল ৷ চিঠিৰ জৰিয়তে ধন দাবী কৰিছিলো ৷" এয়া আলফা স্বাধীনৰ নামত ধন দাবী কৰা এজন যুৱকৰ ভাষ্য ৷
নিষিদ্ধ ঘোষিত আলফাৰ নামত ধন দাবী কৰি বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে টীয়কৰ কাকজানৰ চিৰাজুল হুছেইন নামৰ এজন যুৱক (Youth arrested for demanding money in name of ULFA) । চিৰাজুলে কাকজান অঞ্চলৰ দুজন ব্যক্তিক আলফাৰ নথিত এখন চিঠি লিখি ধন দাবী কৰিছিল ৷ এজনক একলাখ আৰু আন এজনক সত্তৰ হাজাৰ টকা দাবী কৰিছিল ৷ লগতে ভাবুকিও প্ৰদান কৰিছিল ৷ ধন দাবী পূৰণ নকৰিলে চৰম শাস্তিৰো ভাবুকি দিছিল চিৰাজুলে ।
বুধবাৰে নিশা টীয়ক আৰক্ষীৰ থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষী চকীৰ উপ-পৰিদৰ্শক অজয় ৰেগন আৰু টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাঙৰ নেতৃত্বত এটা দলে কৌশলেৰে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।