অসম

assam

ETV Bharat / state

কৰ'ণাৰ বিৰুদ্ধে টীয়কৰ যুৱ ব্যৱসায়ীৰ বিশেষ পদক্ষেপ - young businessman Special efforts against coronavirus at jorhat teok

কৰ'ণাৰ বিৰুদ্ধে আদৰণীয় পদক্ষেপ টীয়কৰ যুৱ ব্যৱসায়ীৰ ৷ নিজৰ গাঁঠিৰ ধন ভাঙি টীয়কৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত বাট-পথ, ঘৰ দোকান ছেনিটাইজ কৰি কৰ'ণাৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰে ব্যৱসায়ীগৰাকীয়ে ।

টীয়ক
টীয়কৰ যুৱ ব্যৱসায়ীৰ কৰ'ণাৰ বিৰুদ্ধে বিশেষ চেষ্টা

By

Published : Aug 21, 2020, 1:15 PM IST

টীয়ক, 21 আগষ্টঃ টীয়কৰ যুৱ ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ ৷ কৰ'ণাৰ বিৰুদ্ধে সকলোকে সজাগ কৰাৰ প্ৰচেষ্টা ব্যৱসায়ীৰ ৷ টীয়কৰ চেলেংহাট পথৰ টীয়ক চাহ বাগিছা অঞ্চলৰ এজন যুৱ ব্যৱসায়ীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি টীয়কৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত বাট-পথ, ঘৰ দোকান ছেনিটাইজ কৰি কৰ'ণাৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰে ।

টীয়কৰ যুৱ ব্যৱসায়ীৰ কৰ'ণাৰ বিৰুদ্ধে বিশেষ চেষ্টা

সঞ্জীৱ ৰাও নামৰ যুৱ ব্যৱসায়ী গৰাকীৰ ভাতৃসহ পৰিয়ালৰ কেইবাজনো সদস্য বহিঃৰাজ্যৰ পৰা প্ৰায় ১৬ দিন পূৰ্বে নিজ বাসগৃহলৈ উভতি আহে ৷ তাৰ পাচতে চৰকাৰী নিৰ্দেশনা অনুসৰি, পৰিয়ালৰ সকলো সদস্যই স্বাৱ পৰীক্ষা কৰে । স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ অহাত তেওঁলোকক স্বাস্থ্য বিভাগে হাস্পতাললৈ লৈ যায় আৰু পৰিয়ালৰ আন সদস্যসকলক কৰ'ণা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে । স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰিয়ে পৰিয়ালটিৰ সকলো সদস্য আৰু ব্যৱসায়ৰ লগত জড়িত সকলোকে স্বাৱ পৰীক্ষা কৰে আৰু সকলোৰে ফলাফল নিগেটিভ আহে ।

কিন্তু তৎসত্বেও যুৱ ব্যৱসায়ীজনে অধিক সতৰ্কতা অৱলম্বন কৰি ব্যৱসায়ী প্ৰতিস্থান বিগত ১৫ টা দিন বন্ধ কৰি ৰাখে যাতে গ্ৰাহক বা অনান্য ব্যক্তিসকলৰ দেহত কৰ'ণা সংক্ৰমণ নহয় । আনহাতে, কৰ'ণা আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ থকা পৰিয়ালৰ সদস্যসকলৰ নিগেটিভ অহাৰ পাছত ঘৰ দোকান তথা বাট-পথ সকলো ছেনিটাইজ কৰি পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ যো-জা চলাইছে ব্যৱসায়ীজনে ।

উল্লেখ্য যে, অঞ্চলটোৰ আধা অংশতকৈ অধিক ঠাই চাহ বাগান হোৱাৰ বাবেই পৰিয়ালৰ সকলো সদস্যৰ নিগেটিভ অহাৰ পাছতো ৰাইজক সজাগ তথা কৰ'ণাৰ সংক্ৰমণৰ পৰা বচাবলৈ যুৱ ব্যৱসায়ী সঞ্জীৱ ৰাওে ১৫ দিনকৈ প্ৰতিস্থান বন্ধ ৰখাৰ বাবেই যুৱকজনৰ এই পদক্ষেপক প্ৰশংসা কৰিছে কৰিছে ৰাইজে ৷ লগতে এনে সজাগতাই শীঘ্ৰে এই মহামাৰীৰ কৱলৰ পৰা পৰিত্ৰাণ পাব বুলি মন্তব্য কৰে সচেতন জনতাই ।

আৰু পঢ়কঃমৰিগাঁৱত ৬ জাঁই গুলীসহ পিষ্টল জব্দ

For All Latest Updates

ABOUT THE AUTHOR

...view details