যোৰাহাট, ৮ অক্টোবৰ :ভাৰতৰ কৃষি বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য সন্মিলনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকা (Assam Agricultural University) । অসম কৃষি বিশ্ববিদ্যালয়তো শিক্ষাৰ্থীৰ বাবে বাধ্যতামুলক হ'ব ধ্যান আৰু যোগাসন (Yoga Education in Assam Agricultural University)। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ত এতিয়াৰে পৰা হ্ৰস্বম্যাদী যোগ আৰু ধ্যান পাঠ্যক্ৰম বাধ্যতামুলক হ'ব ।
তিনি সপ্তাহ সময়ৰ এই বাধ্যতামুলক পাঠ্যক্ৰম এতিয়াৰে পৰা কৃষি শিক্ষাৰ্থীসকলে গ্ৰহণ কৰিব লাগিব । হায়দৰাবাদৰ কানহা শান্তিদানমত ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ অনুষ্ঠিত কৃষি বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ সন্মিলনত (Agricultural Universities VC convention) অংশগ্ৰহণৰ পাছত এই বিষয়ে সদৰী কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই ।
তদুপৰি, ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি), ২০২০ (National Education Policy 2020) অনুসৰি পুনৰ্গঠন কৰা ইউ জিৰ পাঠ্যক্ৰম দক্ষতা বিকাশৰ কৰ্মসূচীৰ দৰেই অসম কৃষি বিশ্ববিদ্যালয়ে মনোনিবেশ কৰিবলৈ আগবাঢ়িছে । উল্লেখ্য যে নতুন শিক্ষা নীতিত দক্ষতা বৃদ্ধিৰ পাঠ্যক্ৰম ডিগ্ৰী প্ৰ'গ্ৰেমত একাধিক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা হৈছে । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সংলগ্ন বিশ্ববিদ্যালয়সমূহত যোগ প্ৰৱৰ্তনৰ বাবে ইতিমধ্যে কমলেশ ডি পেটেল 'দাজি', হাৰ্টফুলনেছ এডুকেচন ট্ৰাষ্টৰ সৈতে এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হৈছে ।
যোৱা ১ অক্টোবৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ হৈ ড° আৰ চি আগৰৱালাই হাৰ্টফুলনেছ মুখ্য কাৰ্যালয়ত বিশ্বৰ সৰ্ববৃহৎ মেডিটেচন হল কানহা শান্তিনামৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে । উপাচাৰ্যসকলৰ সন্মিলনে দেশৰ কৃষি শিক্ষা আৰু গৱেষণা (Agri Education and Research) আৰু সম্প্ৰসাৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অধীনত বিশেষকৈ ৰাজহ সৃষ্টিৰ আৰ্হি, ৬ নং ডীন কমিটীৰ পৰামৰ্শ, প্ৰাকৃতিক কৃষিৰ বাবে নতুন ইউ জি কাৰ্যসূচী, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হি, কৃষি বিশ্ববিদ্যালয়ত নতুন শিক্ষা নীতিৰ সম্পূৰ্ণ ৰূপায়ণ, আগন্তুক ২০ বছৰৰ বাবে কৃষি খণ্ডত এইচ আৰ নিযুক্তিৰ খচৰা, কৃষি বিশ্ববিদ্যালয়ৰ বিশ্ব ৰেংকিঙৰ বাবে ব্যৱধান বিশ্লেষণ আদিৰ ওপৰত বিশেষভাবে আলোচনা কৰে ।