অসম

assam

ETV Bharat / state

Assam Sahitya Sabha : সাহিত্য সভাৰ সভাপতি পদৰ বাবে য়েছে দৰজে ঠংচিৰ মনোনয়ন সংগ্ৰহ - Assam Sahitya Sabha President Election

আজি অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন সংগ্ৰহ কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে (Yese Dorje Thonsi collected nomination paper) । মনোনয়ন সংগ্ৰহ প্ৰক্ৰিয়া চলিব ২০ ৰ পৰা ২২ অক্টোবৰলৈকে । আনহাতে, ২৮ অক্টোবৰৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।

Sahitya Sabha
Sahitya Sabha

By

Published : Oct 20, 2022, 4:53 PM IST

Updated : Oct 20, 2022, 6:17 PM IST

যোৰহাট, ২০ অক্টোবৰ :সমাগত অসম সাহিত্য সভাৰ নিৰ্বাচন (Assam Sahitya Sabha election 2022) । আজি যোৰহাট মুখ্য কাৰ্যালয়ৰ পৰা সভাপতি, সম্পাদককে আদি কৰি অন্য পদৰ বাবে মনোনয়ন সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

উল্লেখ্য, আজি সভাপতি পদৰ বাবে মনোনয়ন সংগ্ৰহ কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে (Yese Dorje Thonsi collected nomination paper) । মনোনয়ন সংগ্ৰহ প্ৰক্ৰিয়া চলিব ২০ ৰ পৰা ২২ অক্টোবৰলৈকে । আনহাতে, ২৮ অক্টোবৰৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।

Assam Sahitya Sabha : সাহিত্য সভাৰ সভাপতি পদৰ বাবে য়েছে দৰজে ঠংচিৰ মনোনয়ন সংগ্ৰহ

আজি সম্পাদক পদৰ বাবে উপনেন্দ্ৰজিত শৰ্মা, ৰমানন্দন বৰা, দেৱজিত বৰা,অনুপ বৰঠাকুৰ, যাদৱ শৰ্মাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰে (Assam Sahitya Sabha Secretary Election) । আনহাতে, সভাপতি পদৰ বাবে বাবে ডঃ সূৰ্য হাজৰিকা, ডঃ জগদীশ পাটগিৰি, ডঃ ৰোমান শৰ্মা, প্লহাদ চন্দ্ৰ তাছা, নাহেন্দ্ৰ পাডুন আৰু য়েছে দৰজে ঠংচিয়ে আজি সাহিত্য সভাৰ যোৰহাটস্থিত মুখ্য কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে (Assam Sahitya Sabha President Election)।

উল্লেখ্য যে কেইবাগৰাকীও পদ্মশ্ৰী প্ৰাপক সাহিত্যিকে আজি সাহিত্য সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ বাবে বিয়লি পৰ্যন্ত সাহিত্য সভাৰ মুখ্য কাৰ্যালয়লৈ গৈ সাহিত্য সভা সচিবৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে (Assam Sahitya Sabha Jorhat head office) । সৰহসংখ্যক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আজিয়েই মনোনয়ন পত্ৰ সংগ্ৰহ কৰা পৰিলক্ষিত হয় ।

২০, ২১ আৰু ২২ অক্টোবৰলৈ মনোনয়ন প্ৰত্ৰ সংগ্ৰহৰ দিন ধাৰ্য কৰা হৈছিল যদিও আজি বৃহস্পতিবাৰ তথা গুৰুবাৰ হোৱা হেতুকে সৰহসংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিবলৈ যোৰহাটস্থিত মুখ্য কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয় ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে চলিত বৰ্ষত অসম সাহিত্য সভা সীমাহীন বিৰ্তকৰ মাজত সোমাই পৰিছে । ফলত সাহিত্য সভাৰ প্ৰতি ৰাইজৰ আস্থা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে ।

সেয়ে সাহিত্য সভাৰ হেৰুওৱা গৰিমা পুনৰ উদ্ধাৰ কৰিবৰ বাবে সকলো প্ৰাৰ্থীয়ে চেষ্টা চলাই যোৱাৰ লগতে বিভিন্ন সংস্কাৰমূলক আৰু সমাজহিতকৰ কাম কৰি যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হ'ব বুলি মনোনয়ন পত্ৰ সংগ্ৰহ কৰিবলৈ অহা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক :Bimal Bora announcement on Lachit Divas : নতুন দিল্লীত অনুষ্ঠিত হ'ব লাচিত বৰফুকনৰ জন্ম জয়ন

Last Updated : Oct 20, 2022, 6:17 PM IST

ABOUT THE AUTHOR

...view details