যোৰহাট,8 ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ তিতাবৰত সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ঊশ্বু প্ৰতিযোগিতা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 300 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত । তিতাবৰ ঊশ্বু সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ঊশ্বু সন্থাৰ সহযোগত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় 17 সংখ্যক আন্তঃজিলা প্ৰতিযোগিতাখনি । এই প্ৰতিযোগিতা চান্দা আৰু টাওলো নামেৰে দুটা বিভাগত অনুষ্ঠিত কৰা হয় ।
তিতাবৰত সদৌ অসম ভিত্তিত ঊশ্বু প্ৰতিযোগিতা - যোৰহাট
তিতাবৰত সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ঊশ্বু প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনিত নিৰ্বাচিত খেলুৱৈসকলে ৰাঁচীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঊশ্বু খেলত অসমৰ হৈ অংশগ্ৰহণ কৰিব ৷
ঊশ্বু প্ৰতিযোগিতা
উল্লেখ্য যে, অসমৰ প্ৰায় 25 খন জিলাৰ পৰা অহা প্ৰতিযোগীসকলৰ মাজত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনিত নিৰ্বাচিত খেলুৱৈসকলে ৰাঁচীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঊশ্বু খেলত অসমৰ হৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : পূৰ্ণগতিত চলিছে আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য