অসম

assam

ETV Bharat / state

Baresaharia Bhaona controversy : বিতৰ্কক লৈ মুখ খুলিলে ইছমাইল হোছেইনে - Baresaharia Bhaona controversy

বাৰেচহৰীয়া ভাওনা আৰু সাহিত্যিক ইছমাইল হোছেইনৰ বিতৰ্ক অব্যাহত আছে । বিতৰ্কক লৈ প্ৰথমবাৰৰ বাবে সংবাদমাধ্যমৰ আগত মুখ খুলিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে (Ismail Hossain reaction on Bhaona controversy)। হোছইনৰ মতে এয়া তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ।

Baresaharia Bhaona controversy
বিতৰ্কক লৈ মুখ খুলিলে ইছমাইল হোছেইনে

By

Published : Mar 9, 2023, 5:23 PM IST

বিতৰ্কক লৈ মুখ খুলিলে ইছমাইল হোছেইনে

যোৰহাট,৯ মাৰ্চ : সম্প্ৰতি বিতৰ্কৰ তুংগত আছে বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন আৰু বাৰেচহৰীয়া ভাওনা (Writer Ismail Hossain)। জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাত ভাৱৰীয়া ৰূপত দেখা গৈছিল ইছমাইল হোছেইনক । কিন্তু অনিমন্ত্ৰিত বুলি দাবী কৰি ভাৱৰীয়াৰ ৰূপত প্ৰৱেশ কৰাৰ বাবে ভাওনীয়া সমিতিয়ে সাহিত্যিক ইছমাইল হোছেইনক বহিষ্কাৰ কৰিছে (Ismail Hossain Baresaharia Bhaona controversy)।

ইয়াৰ পাছতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ দাবী কৰা মতে এয়া তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ । এটা শক্তিয়ে তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰিছে । জামগুৰিহাটবাসীয়ে কোনো অপমান কৰা নাই, ভাওনা পৰিচালনা সমিতিৰ সভাপতি শৈলন বৰকটকীৰ গভীৰ ষড়যন্ত্ৰৰ বাবেহে তেওঁ অপমানিত হৈছে (Baresaharia Bhaona 2023)। তেওঁ দাবী কৰা মতে, ভাৱৰীয়া ল'বলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁক নিমন্ত্ৰণ জনাইছিল । ভাও লোৱাসকলৰ তালিকাখন দিয়াটো তেওঁৰ দায়িত্ব নহয়, সেয়া সংঘৰহে দায়িত্ব । কেতিয়াবা পাহৰণিত শংকৰদেৱ সংঘই নাম দিবলৈ পাহৰি যাবও পাৰে । কিন্তু কেইবাজনো ভাৱৰীয়াই তালিকাত নাম অবিহনে ভাও লৈছিল ।

ইছমাইল হোছেইনৰ মতে তেওঁ পলায়ন কৰা নাই, পলায়ন কৰিছে ভাওনা উপ-সমিতিৰ সভাপতি শৈলেন বৰকটকীয়ে । শৈলন বৰকটকীক ইছমাইল হোছেইনে প্ৰত্যাহ্বানো জনায় । এনে ধৰণৰ অপমানৰ বাবে ইছমাইল হোছেইনে আইন আদলতলৈ নাযায় আৰু এনেধৰণৰ আক্ৰমণে তেওঁক ভাওনা সংস্কৃতি চৰ্চা কৰাত অধিক শক্তিশালী কৰিহে তুলিব বুলি দাবী কৰে সাহিত্যিকগৰাকীয়ে (Ismail Hossain reaction on Bhaona controversy)।

বিগত সময়ছোৱাত অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণৰ বাবে তেওঁ যিধৰণে কাম কৰি আহিছে, তাৰ পৰা তেওঁক আঁতৰাই ৰাখিবলৈ শৈলেন বৰকটকীৰ দৰে এচামে পূৰ্বৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰি আহিছে বুলি উল্লেখ কৰে ইছমাইল হুছেইনে । কিন্তু এনেবোৰ ষড়যন্ত্ৰই তেওঁক সেই ধৰণৰ কামৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে । বৰঞ্চ পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত ভাওনা সংস্কৃতিত আৰু শংকৰী কৃষ্টি সংস্কৃতিৰ উত্তৰণৰ বাবে কাম কৰি যাব বুলিও তেওঁ দাবী কৰে ।

বাৰেচহৰীয়া ভাওনাৰ উপ-সমিতিৰ সভাপতি শৈলেন বৰকটকীৰ বিৰুদ্ধে এনেদৰে যোৰহাটত আক্ৰমণাত্মক হৈ পৰে বিশিষ্ট সাহিত্যিকগৰাকী । তেওঁক লৈ শৈলেন বৰকটকীয়ে যি অপ-প্ৰচাৰত লিপ্ত হৈছে সেই সম্পৰ্কে পদ্ম হাজৰিকা, ভৱ গোস্বামীকে ধৰি ভাওনা সমিতি লৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Baresaharia Bhaona Mahotsav 2023 : বাৰেচহৰীয়া ভাওনাৰ প্ৰথমদিনা ২১ খন খোলাত ভাওনা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details