যোৰহাট,৫ জুন:আজি বিশ্ব পৰিৱেশ দিৱস (World environment day) । সমগ্ৰ বিশ্বই প্ৰকতি সুৰক্ষাৰ স্বাৰ্থত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপন কৰি পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তটো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ।
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে মৰিয়নিৰ বিভিন্ন স্থানত মৰিয়নি বিধায়ক ৰূপজোতি কুৰ্মীৰ উপস্থিতত গছ পুলি ৰোপন কৰা হয় (World environment day observed in Jorhat) ৷ মৰিয়নি উচ্চ মাধ্যমিক বালিকা বিদ্যালয় আৰু মৰিয়নি প্ৰেছ ক্লাবৰ সহযোগত এক ব্যতিক্ৰমী ধৰণে বিশ্ব পৰিৱেশ দিবস উদযাপন কৰা হয় ৷
এই কাৰ্যসূচী উপস্থিত থাকে মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মী । বিদ্যালয়খনৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে প্লাষ্টিক বৰ্জনৰ ওপৰত এখন চুটি নাট প্ৰদৰ্শন কৰে আৰু ইয়াৰ জৰিয়তে সকলোকে প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনায় । প্লাষ্টিক বৰ্জন জৰিয়তে পৰিৱেশ সজাগতা বাবে এক পদক্ষেপ গ্ৰহণ কৰাৰ হয় (World Environment day 2023) ।