অসম

assam

ETV Bharat / state

প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি - world environment day etv bharat news

জীৱনৰ অধিক সময় পৰিৱেশ গঢ় দিয়াত ব্যস্ত ৬০ উৰ্দ্ধৰ এজন লোক ৷ ব্যক্তিগত প্ৰচেষ্টাত তেওঁ গঢ় দিবলৈ সক্ষম হৈছে এখন উদ্যান ৷ যিখন উদ্যানলৈ আগমন ঘটে বহু বন্য জীৱ-জন্তুৰ ৷ সবিশেষ চাওক এই প্ৰতিবেদনত...

প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি
প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি

By

Published : Jun 5, 2021, 4:31 PM IST

যোৰহাট, 5 জুন : আজি বিশ্ব পৰিৱেশ দিৱস(World Environment Day) ৷ বিশ্ব পৰিৱেশ দিৱস (World Environment Day) ৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে পৰিৱেশ দিৱসৰ কাৰ্যসূচী ৷

এই পৰিৱেশ দিৱস (World Environment Day)ৰ সময়চোৱাতেই পোহৰলৈ আহিছে ৬০ উৰ্দ্ধৰ এগৰাকী ব্যক্তিক্ৰমী লোকৰ কাহিনী ৷ যি নিজৰ জীৱনৰ অধিক সময় ব্যস্ত হৈ আহিছে প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাত ৷

ব্যক্তিজনৰ নাম দেহ বৰা । ঘৰ উত্তৰ পশ্চিম যোৰহাটৰ গৰুমৰাৰ মাজুলী গাঁৱত । বৰাই নিজৰ ৬ বিঘা মাটিত বিভিন্ন ধৰণৰ ফল মূলৰ গছ ৰোপণ (Tree planting) কৰিছে বন্য প্ৰাণীৰ বাবে । প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ৰ পৰাই দেহ বৰাৰ বৃক্ষৰোপণ (Tree planting)ৰ প্ৰতি আকৰ্ষণ হয় আৰু তেতিয়াৰে পৰাই তেওঁ আৰম্ভ কৰে বৃক্ষৰোপণৰ কাম ৷

প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি

প্ৰতি বছৰে বানে গৰকা উত্তৰ পশ্চিম যোৰহাটৰ এই বিশাল অঞ্চলত বিভিন্ন জীৱ-জন্তু বিপদত পৰে আৰু দেহ বৰাৰ এই উদ্যানখনেই হৈ পৰে জীৱ জন্তু বোৰৰ এক আশ্ৰয় স্থল ৷ তেওঁৰ এই উদ্যানখনলৈ আহে বহু বন্য জীৱ-জন্তু ৷

এই উদ্যানখনলৈ এবাৰ এটা ঢেঁকীয়াপতীয়া বাঘো আহিছিল । আনকি বানপানীৰ সময়ত হাতীৰ জাকো তেওঁৰ উদ্যানখনলৈ আহে ৷ যাৰ বাবে এই প্ৰকৃতি প্ৰেমী গৰাকীয়ে এই উদ্যানখনত বহুজোপা কলগছ ৰোপণ কৰিছে, যাতে হাতী পুনৰাগমন হ'লে খাদ্যৰ নাটনি নহয় । বিপদত পৰা কেইবাটাও বনৰীয়া পহুৰ লগতে আন আন জীৱ জন্তুও উদ্ধাৰ কৰি বন বিভাগক গতাই দিছে ।

উল্লেখ্য যে, সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত দেহ বৰাই একমাত্ৰ বন্য জীৱ-জন্তুৰ বাবে গঢ় দিবলৈ সক্ষম হৈছে তেওঁৰ ক্ষুদ্ৰ উদ্যানখন ৷ বৰ্তমানলৈকে চৰকাৰী অথবা বন্যপ্ৰাণী লগত জড়িত কোনো সংগঠন পৰা কোনো ধৰণৰ সহায় নাই পোৱা দেহ বৰাই । সেয়েহে তেওঁ চৰকাৰক অনুৰোধ জনাই যাতে তেওঁৰ এই উদ্যানখনৰ চাৰি সীমাৰ বাবে দেৱালয় নিৰ্মাণ কৰাত সহায় কৰে ৷ যাতে ইয়াৰ ফলত তেওঁৰ এই উদ্যানত থকা বন্য পশু-পক্ষীসমূহ সুৰক্ষিত হৈ থাকে ।

উল্লেখনীয় যে, যি সময়ত একাংশ লোকে ভূমি বেদখল কৰি অথবা বন ধ্বংস কৰি মূল্যবান গছ গছনি কাটি পৰিৱেশ বিনষ্ট কৰি আহিছে, ঠিক তেনে সময়তে নিজৰ ভূমি বন্যপ্ৰাণীৰ বাবে আগবঢ়াই দিয়াটো সঁচাকৈ আদৰণীয় ।

বিভাগীয় কতৃপক্ষই যদি কিছু সহায়ৰ হাত আগবঢ়াই তেন্তে এক বিশাল উদ্যান বন্যপ্ৰাণীয়ে পাবলৈ সক্ষম হ’ব । যাৰ ফলত বন্য প্ৰাণী তথা পৰিৱেশ সুৰক্ষিত হ’ব ৷

লগতে পঢ়ক:বিশ্ব পৰিৱেশ দিৱসত কি ক’লে বৃক্ষবন্ধু লীলা হাজৰিকাই ?

ABOUT THE AUTHOR

...view details