টীয়ক, ৫ জুনঃ শুকুৰবাৰে টীয়কৰ জাঁজীমুখৰ বৰমথাউৰীৰ "বালিমাহী অৰণ্য"ত অনুষ্ঠিত কৰা বিশ্ব পৰিৱেশ দিৱস । যাৰ পৰিপ্ৰেক্ষিতত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,টীয়ক আঞ্চলিক ছাত্ৰ সন্থা,শিমলুগুৰি মৌজা আছু আৰু ৰেঙণি এটি আশাৰ সহযোগত এক লাখ গছ পুলি ৰোপণৰ আঁচনিৰ শুভাৰম্ভ কৰে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।
টীয়কত আছুৰ উদ্যোগত এক লাখ গছ পুলি ৰোপণৰ আঁচনি গ্ৰহণ - all assam student union
ব্ৰহ্মপুত্ৰৰ বালিচৰৰ বালিমাহী অৰণ্যত উদযাপিত বিশ্ব পৰিৱেশ দিৱস । বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগিত ৰাখি সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এক লাখ গছ পুলি ৰোপণৰ আঁচনিৰ শুভাৰম্ভ কৰে ।

টীয়কত আছুৰ উদ্যোগত এক লাখ গছ পুলি ৰোপনৰ আঁচনি গ্ৰহণ
উল্লেখ্য যে,ললিত টাইড নামৰ এগৰাকী ব্যক্তিৰ একক প্ৰচেষ্টাত বাৰ বছৰৰ পূৰ্বে জাঁজীমুখৰ এই চাপৰিত গঢ়ি তোলা হৈছিল এই অৰণ্য। গছ থাকিলেহে মানুহ থাকিব,সেই কথাক মূলমন্ত্ৰ হিচাপেই জাঁজী আৰু ব্ৰহ্মপুত্ৰৰ মিলনক্ষেত্ৰ ঐতিহাসিক জাঁজীমুখৰ বালিমাহী অৰণ্যত ফলমূলকে ধৰি বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণ কৰি সমগ্ৰ পৰিৱেশ সেউজীয়া তথা সুস্থ কৰিবলৈ চেষ্ঠা কৰে। এই অনুষ্ঠানত ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে জিলা পৰ্যায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকি একোটাকৈ গছ পুলি ৰোপন কৰে ।
টীয়কত আছুৰ উদ্যোগত এক লাখ গছ পুলি ৰোপনৰ আঁচনি গ্ৰহণ
লগতে পঢ়কঃ ক'ত আছে "গেটৱে অৱ আছাম"