যোৰহাট, 1 এপ্ৰিল: পোন প্ৰথমবাৰৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শৈল্য চিকিৎসা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পিত্তথলী/ পিত্তনলী/ অগ্নাশয় ৰোগৰ চিকিৎসাৰ বাবে বিভিন্ন উন্নত প্ৰযুক্তিৰ বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে (Workshop of Department of Surgery)৷ শনিবাৰে অনুষ্ঠিত হোৱা এই কৰ্মশালাখনত Endoscopic Retrograde cholangiopancreatography (ERCP)/Laparoscopic Common Bill duct exploration-ৰ ওপৰত আলোকপাত কৰা হয় ৷
চিকিৎসক ডাঃ এন. এন. দাস, ডাঃ ফৰিদুল হুছেইন, ডাঃ সিদ্ধাৰ্থ ফুকন আৰু ডাঃ যদুনাথ বুঢ়াগোহাঁইৰ তত্বাৱধানত কৰ্মশালাখন সুকলমে অনুস্থিত হৈ যায় ৷ অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে (Workshop at Jorhat Medical College and Hospital)।
এই কৰ্মশালাৰ লক্ষ্য হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (Jorhat Medical College and Hospital) শৈল্য চিকিৎসা বিভাগৰ জৰিয়তে জিলাখনৰ ৰাইজৰ সুবিধাৰ্থে যোৰহাটলৈ উন্নত প্ৰযুক্তি অনাৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শৈল্য চিকিৎসা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলক পিত্তথলী/ পিত্তনলী/ অগ্নাশয় ৰোগৰ চিকিৎসাৰ বাবে উপলব্ধ বিভিন্ন উন্নত প্ৰযুক্তিৰ বিষয়ে শিকোৱা।