টীয়ক,28 এপ্ৰিল: লক ডাউনৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ঘৰৰ পৰা বাহিৰত আন জিলাত বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা দৈনিক মজুৰি কৰি খোৱা শ্ৰমিকসকল ৷ এসাঁজ আহাৰৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে সেই শ্ৰমিকসকলে ৷ সোমবাৰে টীয়কৰ জগদুৱাৰত একাংশ স্থানীয় ৰাইজে আবদ্ধ কৰে শিৱসাগৰ জিলাৰ পৰা কাৰ্বি আংলং জিলাৰ নিজৰ ঘৰলৈ খোজকাঢ়ি গৈ থকা আঠজনকৈ শ্ৰমিকক ৷ শ্ৰমিক কেইজনক প্ৰত্যক্ষ কৰি আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে ৷
টিয়কত আবদ্ধ কাৰ্বি আংলঙৰ 8 শ্ৰমিক
সোমবাৰে টীয়কৰ জগদুৱাৰত একাংশ স্থানীয় ৰাইজে আবদ্ধ কৰে শিৱসাগৰ জিলাৰ পৰা কাৰ্বি আংলং জিলাৰ নিজৰ ঘৰলৈ খোজকাঢ়ি গৈ থকা আঠজনকৈ শ্ৰমিকক ৷
শ্ৰমিক কেইজনে জনোৱা অনুসৰি শিৱসাগৰ জিলাৰ বিহুবৰৰ এটা শিলৰ কোৱাৰীত কৰ্মৰত আছিল তেওঁলোক ৷ খাদ্যৰ সংকটত পৰাৰ বাবেই খোজকাঢ়ি গৃহাভিমুখে ৰাউনা হোৱা বুলি অৱগত কৰে শ্ৰমিক কেইজনে ৷ উল্লেখ্য যে,লক ডাউনৰ মাজতে নাগালেণ্ডৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন কামত নিয়োজিত হৈ থকা শ্ৰমিকে খাদ্য অভাৱত কৰ্মস্থলী এৰি খোজেৰে গৃহমুখী হোৱা ঘটনাই এতিয়া শংকিত কৰিছে সাধাৰণ ৰাইজক ৷ আন্ত:ৰাজ্যিক যাতায়ত সম্পূৰ্ণ ভাৱে বন্ধ থকা তথা আন্ত: জিলা যাতায়তৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা থকা স্বত্বেও বিগত দিন কেইটাত শ শ শ্ৰমিক কেনেদৰে অবাধে আহ-যাহ কৰিবলৈ সক্ষম হৈছে সেয়া ৰহস্যৰ বিষয় ৷ এই ক্ষেত্ৰত শিৱসাগৰ জিলাৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশই ৷
লগতে পঢ়কঃ বৰনদীৰ মথাউৰি নিৰ্মাণৰ কাম অসম্পূৰ্ণ শংকিত নৈ পৰিয়া ৰাইজ