টিয়ক, 21 মে': মঙলবাৰে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ লাহদৈগড় আঞ্চলিক সমিতিয়ে নাৰী নিৰ্যাতন, ধৰ্ষণ, যৌতুক প্ৰথা, মদ - ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ উপৰি সমকামিতা তথা বিবাহ বৰ্হিভূত সম্পৰ্ক বৈধ কৰাৰ বিৰুদ্ধেও প্ৰতিবাদ কৰে সমিতিৰ সদস্যাসকলে ৷ মহিলাসকলে হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে লাহদৈগড় মইনাপৰীয়া জনকল্যাণ সংঘৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ঢেকীয়াখোৱা তিনিআলিলৈকে প্ৰতিবাদ সাব্যস্ত কৰে ৷
লাহদৈগড়ত মহিলা সংগঠনৰ প্ৰতিবাদী সমদল - প্ৰতিবাদী সমদল
টীয়কৰ লাহদৈগড়ত মঙলবাৰে মহিলা সাংস্কৃতিক সংগঠনৰ লাহদৈগড় আঞ্চলিক সমিতিয়ে নাৰীৰ সুৰক্ষাৰ বাবে এক প্ৰতিবাদী সমদল উলিয়ায় ৷ হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ঢেকীয়াখোৱা তিনিআলিলৈকে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা প্ৰতিবাদকাৰী সকলে ৷
![লাহদৈগড়ত মহিলা সংগঠনৰ প্ৰতিবাদী সমদল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3344080-thumbnail-3x2-wo-2.jpg)
লাহদৈগড়ত মহিলা সংগঠনৰ প্ৰতিবাদী সমদল
লাহদৈগড়ত মহিলা সংগঠনৰ প্ৰতিবাদী সমদল
নাৰীৰ সমস্যা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সমাজ তথা চৰকাৰক সজাগ কৰাই দিয়াৰ মানসেৰে এনে কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে প্ৰতিবাদী মহিলাসকলে ৷