অসম

assam

By

Published : Oct 16, 2019, 7:11 AM IST

Updated : Oct 16, 2019, 1:48 PM IST

ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন, তৃতীয় মহলাৰ পৰা জাপ দিলে প্ৰসূতিয়ে

স্বামীয়ে জনোৱা মতে, মানসিক ভাৱে দূৰ্বল হোৱাৰ বাবেই এই ঘটনা সংঘটিত কৰিলে পম্পীয়ে ।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হল যে ইমান সুৰক্ষা কৰ্মী থকাৰ লগতে বিভাগটোত চিকিৎসক,নাৰ্ছ থকাৰ পাছতো কিদৰে এগৰাকী প্ৰসূতি মহিলা তৃতীয় মহলৰ ওপৰৰ পৰা জপিয়াবলৈ সক্ষম হ'ল।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন

যোৰহাট, 16 অক্টোবৰঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিশা অঘটন।।তিনিমহলীয়া বিল্ডিঙৰ পৰা জপিয়ালে এগৰাকী প্ৰসূতিয়ে। এৰি থৈ গৈছে এটি ছয়দিনীয়া শিশু।।সমগ্র চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্য।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি মাতৃ আৰু শিশু বিভাগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এগৰাকী প্ৰসূতি মাতৃয়ে চিকিৎসালয়ৰ তিনি নম্বৰ মহলৰ পৰা জপিয়াই আঁকোৱালি ললে মৃত্যুক।মাত্ৰ ছয়দিনীয়া শিশুটিক এৰি থৈ যোৱা প্ৰসূতি মাতৃ গৰাকীৰ নাম পম্পী তাঁতী। বোকাখাতৰ বিহৰাৰ পম্পী তাঁতীৰ স্বামীয়ে জনোৱা মতে, যোৱা নিশা প্ৰায় ২:৩০ বজাত স্বামী টোপনি যোৱাৰ সময়তে শিশুটিক বিচনাতে এৰি তিনি মহলাৰ পৰা জাপ দিয়ে পম্পীয়ে।

স্বামীয়ে জনোৱা মতে, মানসিক ভাৱে দূৰ্বল হোৱাৰ বাবেই এই ঘটনা সংঘটিত কৰিলে পম্পীয়ে ।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হল যে ইমান সুৰক্ষা কৰ্মী থকাৰ লগতে বিভাগটোত চিকিৎসক,নাৰ্ছ থকাৰ পাছতো কিদৰে এগৰাকী প্ৰসূতি মহিলা তিনি মহলৰ ওপৰৰ পৰা জপিয়াবলৈ সক্ষম হ'ল। নিশাৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰখনৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰতো এতিয়া এই ঘটনাই প্ৰশ্ন উত্থাপন কৰিছে ৷

Last Updated : Oct 16, 2019, 1:48 PM IST

ABOUT THE AUTHOR

...view details