যোৰহাট, 19 ফেব্ৰুৱাৰীঃ২০১৪ চনৰ পৰা বহু ঘাত প্ৰতিঘাত নেওচি সফলতাৰ দিশত এখোজ আগুৱাই আহিল উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়অসম মহিলা বিশ্ববিদ্যালয় ৷আগন্তুক ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয়খনৰ প্ৰথম সৰ্মাবতন। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ ৰাজ্যপালে ছাত্ৰী সকলক শিক্ষাৰ উপাধি প্ৰদান কৰিব । এই বিশ্ববিদ্যালয়খনে নাৰী তথা মহিলা সৱলীকৰণৰ লক্ষ্যৰে ২০১৪ চনৰ ৪ ডিচেম্বৰত লাভ কৰিছিল বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)ৰ স্বীকৃতি।
অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাবৰ্তন - অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমটো সমাবৰ্তন
২০১৪ চনৰ পৰা বহু ঘাত-প্ৰতিঘাতৰ মাজৰে পাৰ হৈ আহি সফলতাৰ এখোজ আগুৱাই আহিল উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ৷ ২৫ ফেব্ৰুৱাৰীত হ'বলগীয়া প্ৰথম সমাবৰ্তনত ইতিমধ্যে উচ্চশিক্ষা লাভ কৰা ৫৮০ গৰাকী ছাত্ৰীয়ে ৰাজ্যপালৰ পৰা স্বীকৃতি লাভ কৰিব ।
২৫ ফেব্ৰুৱাৰীত হ'বলগীয়া প্ৰথম সমাবৰ্তনত ইতিমধ্যে উচ্চশিক্ষা লাভ কৰা ৫৮০ গৰাকী ছাত্ৰীয়ে ৰাজ্যপালৰ পৰা স্বীকৃতি লাভ কৰিব । উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়খনত পৰম্পৰাগতভাৱে চলি থকা সৰ্মাবতন পোচাকৰ পৰিবৰ্তে ছাত্ৰীসকলে পৰিধান কৰিব অসমীয়া মেখেলা চাদৰ । ইয়াৰোপৰি পোন প্ৰথমবাৰৰ বাবে শিক্ষাৰ্থীসকলক মানপত্ৰ তথা উপাধি অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰদান কৰা হ'ব । বৰ্তমান সময়লৈকে সৰ্বমুঠ ১০৭৩ গৰাকী মহিলাই শিক্ষাগ্ৰহণ কৰা মহিলা বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হবলৈ সক্ষম হৈছে অসম মহিলা বিশ্ববিদ্যালয়।
লগতে পঢ়কঃদলগাঁৱত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি অসাৰঃ জৰাজীৰ্ণ দলঙেৰে যাতায়াত অব্যাহত ৰাইজৰ