যোৰহাট, 8 ফেব্ৰুৱাৰীঃ অসমীয়া জাতি, ভাষা, অস্তিত্বক সংকটৰ মুখলৈ ঠেলি ত্ৰিপুৰাৰ দৰে কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত বিৰুদ্ধে যোৰহাটৰ ৰাজপথত পুনৰ নাৰী শক্তিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰায় দুই শতাধিক মহিলাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ অসমৰ দৰে ব্যাপক ঘনত্ব থকা জনসাধাৰণৰ বাবে এই আইন এক প্ৰকাৰৰ বৰবিহ স্বৰূপ ৷ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আহি সমবেত হোৱা নাৰী সকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে যিদিনালৈকে এই জাতি ধ্বংসী আইন বাতিল নকৰে তেতিয়ালৈকে "কা"ৰ বিৰোধিতা কৰি এনেদৰে প্ৰতিবাদ কৰি যোৱাৰ সংকল্প যোৰহাটৰ নাৰী শক্তিৰ ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যোৰহাটত নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ - যোৰহাটত নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ
অসমীয়া জাতি, ভাষা, অস্তিত্বক সংকটৰ মুখলৈ ঠেলি ত্ৰিপুৰাৰ দৰে কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটৰ ৰাজপথত পুনৰ নাৰী শক্তিৰ প্ৰতিবাদী কাৰ্যসূচী।
![নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যোৰহাটত নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ women protest against caa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6001768-thumbnail-3x2-a.jpg)
যোৰহাটত নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ