টীয়ক, 3 ডিচেম্বৰ : স্বাস্থ্য বিভাগৰ অভিযান ‘Har Ghar Dastak’ৰ মাজতে টীয়কত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ ক’ভিড ভেকচিন(Covid vaccine) লোৱাৰ পাচতেই মৃত্যু হৈছে এগৰাকী 70 বছৰীয়া বৃদ্ধাৰ(Old woman dies after receiving covid vaccine at Teok) ৷ ভেকচিন লোৱাৰ তিনি ঘণ্টা পাচতেই বৃদ্ধাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বৃদ্ধাগৰাকীৰ পৰিয়ালে ৷
টীয়কৰ উত্তৰ দুলীয়া গাঁৱৰ লাৱণ্য দাস নামৰ বৃদ্ধাগৰাকীৰ ভেকচিন লোৱাৰ ফলত মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, বৃহস্পতিবাৰে বিয়লি ভাগত স্বাস্থ্য বিভাগৰ এটি দলে বৃদ্ধাগৰাকীক ঘৰতেই প্ৰদান কৰিছিল ক’ভিড ভেকচিন । কিন্তু ভেকচিন লোৱাৰ প্ৰায় তিনিঘণ্টা পাচতে হঠাৎ অসুস্থ হৈ পৰে বৃদ্ধাগৰাকী । পৰিয়ালৰ লোকে ততাতৈয়াকৈ বৃদ্ধাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে বৃদ্ধাগৰাকী মৃত বুলি ঘোষণা কৰে ৷
ক’ভিড ভেকচিন গ্ৰহণ কৰি মৃত্যু বৃদ্ধাগৰাকীৰ মৃত্যুৱে এতিয়া সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । অৱশ্যে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টীয়ক এফ আৰ ইউ(FRU)ৰ উপ অধীক্ষক তথা ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ দুলুমণি কলিতাই ৷ তেওঁ কয় যে, কোনো কাৰণতে ভেকচিনৰ গ্ৰহণ কৰাৰ ফলত বৃদ্ধাগৰাকীৰ মৃত্যু হ’ব নোৱাৰে । কিয়নো বিশ্বৰ সকলো ঠাইতে ভেকচিন প্ৰদান কৰি থকা হৈছে আৰু এই মূহুৰ্তলৈকে তেনে কোনো ঘটনা সংঘটিত হোৱা নাই ।
ইয়াৰোপৰি সেই সময়ত চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকে জনোৱা মতে, বৃদ্ধাগৰাকী উচ্চ ৰক্তচাপত ভুগী আছিল আৰু ষ্ট্ৰ’কৰ ফলতেই মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ এই ক্ষেত্ৰত ৰাইজক শংকিত নহ’বলৈ আহ্বান জনাই বৃদ্ধাগৰাকীৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ দুলুমণি কলিতাই ৷
লগতে পঢ়ক :Har Ghar Dastak Campaign : কৰ'ণাক খাতিৰ নকৰে কৰুণাই