অসম

assam

ETV Bharat / state

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত দুটাকৈ বন্যহস্তী - elephants killed in Rajdhani Express collision

তিতাবৰৰ খৰিকটিয়াত শোকাৱহ ঘটনা ৷ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত দুটাকৈ বন্যহস্তী (Wild elephants killed in Rajdhani Express collision) ৷ দেওবাৰে তিতাবৰৰ খৰিকটিয়াত নিশা 11 বজাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷

Wild elephants killed in Rajdhani Express collision
ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত দুটাকৈ বন্যহস্তী

By

Published : Oct 10, 2022, 9:49 AM IST

Updated : Oct 10, 2022, 12:51 PM IST

তিতাবৰ, 10 অক্টোবৰ: তিতাবৰৰ খৰিকটিয়াত শোকাৱহ ঘটনা ৷ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হৈছে দুটাকৈ বন্যহস্তী (Wild elephants killed in Rajdhani Express collision) ৷ তিতাবৰ মহকুমাৰ খৰিকটিয়াত বাগানৰ সমীপত দেওবাৰে নিশা 11 বজাত সংঘটিত হয় এই ঘটনাটো ৷

চলন্ত ৰে’লখনে প্ৰায় ১০০মিটাৰ চোচৰাই নিয়ে বন্যহস্তীৰ পোৱালিসহ মাতৃক ৷ বন বিভাগৰ মতে, আগতীয়াকৈ সেই স্থানত হাতীৰ উপস্থিতিৰ খবৰ দিছিল ৰে’ল বিভাগক ৷ কিন্তু ৰে’লৰ পাইলটে গতি গম নকৰাৰ বাবেই এই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ বন বিভাগৰ ৷

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত দুটাকৈ বন্যহস্তী

উল্লেখ্য যে, ৰে’লৰ খুন্দাত দুটাকৈ হাতীৰ কৰুণ মৃত্যুৰ পাছত আৰু এটা হাতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত চিৎকাৰ কৰি আছে তিতাবৰত ৷ কিন্তু এই ক্ষেত্ৰত বনবিভাগে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ।

দুৰ্ঘটনা সংঘটিত হোৱা বাৰ ঘণ্টা উকলি গ’ল ৷ কিন্তু তাৰ পাচতো আঘাতপ্ৰাপ্ত হাতীটোৰ কোনো চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ যোৰহাট জিলা বনবিভাগৰ বিৰুদ্ধে । দুৰ্ঘটনাত দেহত কিছু অংশত আঘাত পোৱাৰ বাবে মাইকী হাতীজনীয়ে বাৰে বাৰে দ ঠাইৰ পৰা উঠিবলৈ চেষ্টা কৰিও বিফল হোৱা কাৰ্যই সকলোৰে হৃদয় কন্দুৱাই তুলিছে ।

লগতে পঢ়ক:কাজিৰঙাত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি বনকৰ্মীৰ অভিযান

Last Updated : Oct 10, 2022, 12:51 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details