অসম

assam

ETV Bharat / state

মৰিয়নীত বন্যহস্তীৰ উপদ্ৰৱ

বন্যহস্তীৰ বিশাল এটা জাকে মৰিয়নী ডেকা গাঁও,পুখুৰীয়া অঞ্চলত উপদ্ৰৱ কৰে। ডেকা গাঁৱৰ শিৱ গগৈ নামৰ এজন লোকৰ লাগতিয়াল বহু গছ গছনি ভাঙি অনিষ্ট সাধন কৰাৰ উপৰিও ঘৰ আৰু কাষতে থকা এটা নামঘৰৰো অনিষ্ট সাধন কৰে।

By

Published : Sep 18, 2020, 6:54 PM IST

WILD ELEPHANT TERROR  AT MARIANI
মৰিয়নীত বন্যহস্তীৰ উপদ্ৰৱ

মৰিয়নী,18 চেপ্তেম্বৰঃমৰিয়নী হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকটোৱে বিগত কিছুদিন ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। হাতীৰ জাকটো জনাঞ্চল প্ৰৱেশ কৰাৰ সময়ত বহু খেতিপথাৰ গেৰ মেলা ধান গছকি নষ্ট কৰে । বৃহস্পতিবাৰে নিশাও অনুৰূপ ধৰণে বন্যহস্তীৰ বিশাল এটা জাকে মৰিয়নী ডেকা গাঁও,পুখুৰীয়া অঞ্চলত উপদ্ৰৱ কৰে। ডেকা গাঁওৰ শিৱ গগৈ নামৰ এজন লোকৰ লাগতিয়াল বহু গছ গছনি ভাঙি অনিষ্ট সাধন কৰাৰ উপৰিও ঘৰ আৰু কাষতে থকা এটা নামঘৰৰো অনিষ্ট সাধন কৰে।

মৰিয়নীত বন্যহস্তীৰ উপদ্ৰৱ

আনহাতে নিশা হলে হাতীৰ জাকটো জনাঞ্চলত প্ৰৱেশ কৰাৰ খবৰ মৰিয়নী বন বিভাগক অৱগত কৰোৱাই যদিও সঠিক সময়ত সঠিক স্থানত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

মৰিয়নীত বন্যহস্তীৰ উপদ্ৰৱ

লগতে পঢ়কঃঅন্ধকাৰত ডুব গৈছে নগাঁৱবাসী

ABOUT THE AUTHOR

...view details