অসম

assam

ETV Bharat / state

তিতাবৰত বন্যহস্তীৰ তাণ্ডৱ

তিতাবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে ভাঙি লণ্ড ভণ্ড কৰিলে তিনিজনকৈ লোকৰ ঘৰ ৷

By

Published : Sep 15, 2019, 6:01 PM IST

তিতাবৰ বন্য হস্তীৰ তাণ্ডৱ

তিতাবৰ, 15 ছেপ্তেম্বৰঃ তিতাবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস । গিবন অভয়াৰণ্য পৰা নিশা খাদ্যৰ সন্ধান ওলাই অহা 30-40 জনীয়া হাতীৰ জাক এটাই মণিকা বৰাইক ,বিজু বৰাইক আৰু বিকাশ বৰাইক এই তিনিজন লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে ৷ অঞ্চলটোত বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ কথা বাৰম্বাৰ বন বিভাগক অৱগত কৰাৰ পাছতো সময় মতে বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । উল্লেখ্য যে তিতাবৰৰ সমীপৱৰ্তী অঞ্চলত ক্ৰমাৎ বনহস্তীৰ বিচৰণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বেও হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হৈছিল ৷

তিতাবৰ বন্য হস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details