টীয়ক, 6 ডিচেম্বৰ :টীয়কত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ যোৰহাট জিলাৰ যোৰহাট বন সংমণ্ডলৰ অধীনস্থ বৃহত্তৰ মেলেং অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ।
টীয়কত বনৰীয়া হাতীৰ তাণ্ডৱ - খাদ্যৰ সন্ধান
টীয়কত খাদ্যৰ সন্ধানত গিৱন অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তী ৷ খেতি পথাৰ অনিষ্ট সাধন কৰাৰ লগতে চাহ বাগিচা সমূহো অনিষ্ট সাধন কৰিছে বন্যহস্তীয়ে ।
টীয়কত বনৰীয়া হাতীৰ তাণ্ডৱ
খাদ্যৰ সন্ধানত গিৱন অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা প্ৰায় ৩০/৩৫ টা হাতীৰ জাকে বৃহত্তৰ মেলেং অঞ্চলৰ খেতি পথাৰ অনিষ্ট সাধন কৰাৰ লগতে চাহ বাগিচা সমূহো অনিষ্ট সাধন কৰিছে । দীৰ্ঘদিন ধৰি হাতীৰ জাকটোৱে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।
লগতে পঢ়ক:নুমলীগড়ত হস্তী-মানৱৰ সংঘাত: যুৱকক গছকি আঘাতপ্ৰাপ্ত কৰাৰ দৃশ্য ভাইৰেল