টীয়ক,5 ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ টীয়কৰ মেলেঙত বন্য হাতীৰ ত্ৰাস ৷ গিবন অভয়াৰণ্যৰপৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ এটা জাকে বৃহস্পতিবাৰে পুৱতি নিশা ত্ৰাসৰ সৃষ্টি কৰে ৷ মেলেং কপাহধৰাত যোগেন বৰা নামৰ এজন ব্যক্তিৰ ঘৰ-বাৰীৰ লগতে ঘৰৰ আচবাব ভাঙি সম্পূৰ্ণৰূপে তচনচ কৰে বন্যহস্তীৰ জাকটোৱে। লগতে বহু পৰিমাণৰ খেতি পথাৰ নষ্ট কৰাৰ উপৰিও বাৰীৰ কলগছ আদিও অনিষ্ট কৰে বন্যহস্তীৰ জাকটোৱে ।
টীয়কত বন্য হস্তীৰ ত্ৰাস - টীয়কত বন্য হস্তীৰ ত্ৰাস
মেলেং কপাহধৰাত যোগেন বৰা নামৰ এজন ব্যক্তিৰ ঘৰ-বাৰীৰ লগতে ঘৰৰ আচবাব ভাঙি সম্পূৰ্ণৰূপে তচনচ কৰে বন্যহস্তীৰ জাকটোৱে
টীয়কত বন্য হস্তীৰ ত্ৰাস