অসম

assam

ETV Bharat / state

Jayanta Malla Baruah slams Bhupen Bora: ভূপেন বৰাক ভৱিষ্যতৰ বদন আখ্যা জয়ন্ত মল্ল বৰুৱাৰ - Jayanta Mallabaruah slams Badaruddin Ajmal

যোৰহাটৰ পটীয়া ফকলা পথাৰৰ পানী যোগান আঁচনি মুকলি কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Water Supply Scheme launched)। ২০২৪ চনৰ ভিতৰত জল জীৱন আঁচনিয়ে ৰাজ্যৰ ৬৩ লাখ পৰিয়ালক সামৰি ল'ব । অনুষ্ঠানত অংশ লৈ বদৰুদ্দিন আজমল আৰু ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে জয়ন্ত মল্ল বৰুৱাই ।

Jayanta
ভূপেন বৰাক ভৱিষ্যতৰ বদন আখ্যা জয়ন্ত মল্ল বৰুৱাৰ

By

Published : Nov 5, 2022, 5:29 PM IST

যোৰহাট,৫ নৱেম্বৰ :যোৰহাট জিলাৰ পটীয়া গাঁৱৰ ফকলা পানী যোগান আঁচনি শনিবাৰে শুভাৰম্ভ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Water Supply Scheme launched in Jorhat)। তিনিখন পঞ্চায়তক সামৰি লোৱা এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব ৫ হাজাৰ লোক । সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে জল জীৱনৰ মিছনৰ অধীনত অসমত ৩৮ শতাংশ কাম সম্পূৰ্ণ হৈছে । ২০২৪ চনৰ ভিতৰত ৬৩ লাখ পৰিয়ালক এই আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ বিশুদ্ধ খোৱাপানী যোগান ধৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

ভূপেন বৰাক ভৱিষ্যতৰ বদন আখ্যা জয়ন্ত মল্ল বৰুৱাৰ

এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ২০২৬ চনত চৰকাৰ গঠন কৰিব বুলি এক ঘোষণা কৰাক লৈ সম্প্ৰতি ৰাজ্যত বিতৰ্ক অব্যাহত আছে । এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয় যে অসমীয়া জাতিৰ বাবে এইটোৱে এক ভয়াৱহ ইংগিত প্ৰদান কৰিছে । তেওঁ কয় যে এতিয়া অসমীয়া জাতি সচেতন হ'ব লাগিব কাৰণ অসমীয়া জাতি শৌৰ্য্য-বীৰ্য্য থকা জাতি আৰু কেতিয়াও আজমলৰ ওচৰত অসমীয়াই পৰাজয় বৰণ নকৰে আৰু এটা সময়ত এইসকল একো একোজন বদন হিচাপে পৰিগণিত হ'ব বুলি তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পিছৰ নৱপ্ৰজন্মৰ ওচৰত বদন হিচাপে পৰিচিত হৈ পৰিব ভূপেন বৰা (Jayanta Mallabaruah slams Bhupen Bora)। কাৰণ তেওঁ মিঞা মছুলমানৰ লগত শংকৰদেৱ আৰু লাচিত বৰফুকনক তুলনা কৰি অসমীয়া জাতিক চূড়ান্ত অপমান কৰিছে । আগন্তুক সময়ত ভূপেন বৰা অসমৰ ভয়াৱহ বদন হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ মতে ভূপেন বৰাৰ লগত থকা সকল আগ্ৰাসী বাংলাদেশীমূলৰ লোক ।

আনহাতে ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi slams Bhupen Bora)। ভূপেন বৰা নামৰ লোকজনক কংগ্ৰেছৰ পৰাই আঁতৰাই দিলে অকণমান হ'লেও কংগ্ৰেছৰ ভাল হ'ব বুলি দাবী কৰে কুৰ্মীয়ে । কুৰ্মীৰ মতে ২০২৬ত কংগ্ৰেছ বিৰোধী শিবিৰত নাথাকে, অন্য দলহে বিৰোধী আসনত বহিব ।

আজমলে অসমৰ সাংসদৰূপে জিকিব পাৰিবনে নাই সেইটো চিন্তা কৰাৰ প্ৰয়োজন বুলি কয় ৰূপজ্যোতি কুৰ্মীয়ে । কুৰ্মীৰ মতে আজমলে ব্যৱসায় বাণিজ্যৰ কাৰণেহে আছে, তেওঁ সাংসদ পুঁজিয়ে খৰচ কৰিব পৰা নাই । তেওঁক ধুবুৰীৰ কাঠৰ মুঢ়া হিচাপে পৰিচিত বুলিও সমালোচনা কৰে কুৰ্মীয়ে । বদৰুদ্দিনক জয়ী হ'বলৈ অসমীয়া জাতিয়ে সুবিধা নিদিয়ে বুলিও কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । উল্লেখ্য যে পানী যোগান আঁচনি মুকলি অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে ।

লগতে পঢ়ক :DAC election 2022 : জোনাইত তুংগত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details