অসম

assam

ETV Bharat / state

যোৰহাটত জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল - যোৰহাটত জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সংবাদ মেল

যোৰহাট জিলা প্ৰশাসন,দেৰগাঁৱ,মৰিয়নী আৰু টিয়ক সমষ্টিৰ বিধায়কৰ সৈতে আগন্তুক বানপানীক প্ৰতিৰোধৰ বাবে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ পয্যালোচনা সভা ৷

water-resource-minester-pressmeet
যোৰহাটত জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সংবাদ মেল

By

Published : Apr 25, 2020, 4:19 PM IST

যোৰহাট 25 এপ্ৰিলঃ শনিবাৰে যোৰহাটত উপস্থিত হয় অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বাৰিষা অহাৰ লগে লগে ৰাজ্যখনত যি এক প্ৰাকৃতিক দুৰ্যোগৰ সৃ্ষ্টি হয়,কনেদৰে ৰাজ্য খনক ইয়াৰ পৰা ৰক্ষা কৰিব পাৰি সেই বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷ ইতিমধ্যে যোৰহাট জিলাৰ মথাউৰী সমূহৰ প্ৰায় ৯০% কাম শতাংশ কাম সম্পূৰ্ণ হৈছে মাত্ৰ প্ৰটে‘কচনৰ কামহে কৰিবলৈ বাকী আছে বুলি জানিবলৈ দিয়ে ৷ ইপিনে লক ডাউনৰ বাবে মাথাউৰিৰ কাম ব্যাহত হৈ আছিল পুনৰ কাম সমূহ অতি ক্ষীপ্ৰতাৰে আৰম্ভ কৰা লগতে জিলাখনৰ ৰয়েল ৰোড,জাজী,কাকডোঙা আদি বান্ধৰ কাম কৰা হব বুলি সংবাদমেলত উল্লেখ কৰে ৷

যোৰহাটত জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সংবাদ মেল

জিলাখনত কাম চলি থকা ভোগদৈ মাথাউৰিৰ প্ৰায় ৯০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে লগতে ৰাজ্যখনত ৩৮ টা সংবেদনশীল মাথাউৰিৰ আছে বুলি সদৰি কৰা লগতে সকলো আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ অতি সোনকালে মাথাউৰি সমূহ নিৰ্মাণ কৰি উলিওৱা হ'ব বুলি আজিৰ সংবাদমেলতে উল্লেখ কৰে ৷ এই পৰ্যালোচনা মূল উদ্দেশ্য হৈছে যাতে বানপানীৰ আগত জিলা সমূহৰ ছবিখন জানিব পাৰি আৰু ইয়াৰ প্ৰতিৰোধ কৰিব পাৰি ৷ লগতে তেওঁ কয় যে এইবাৰ ৰাজ্যবাসীয়ে দুটা দুৰ্যোগৰ লগত মোকাবিলা কৰিব লাগিব বানপানী আৰু মহামাৰী ক‘ৰণা ভাইৰাছৰ লগত ৷ উপায়ুক্ত কাৰ্য়ালয়ত অনুস্থিত সভাখনত জিলাখনৰ সাংসদ,বিধায়কসকলৰ লগতে প্ৰশাসনৰ উচ্চ পযাৰ্য়ৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ৷
লগতে পঢকঃ গোৱালপাৰাত নষ্ট শ শ বিঘাৰ শাক পাচলি


ABOUT THE AUTHOR

...view details